Himangshu Pathak

এজন শিক্ষকৰ সান্নিধ্য

লকদাউনৰ বাবে ওচৰৰ ঘৰ এখনৰ পৰাই দৈ লৈ আহোঁ। আমাৰ বৰপেটাৰ সমান মিঠা নহ’লেও পাপী পেটৰ তাড়না শান্ত কৰে । পুণেত থাকি তেনে সোঁৱাদ আশা কৰাও ভুল। মানুহ ঘৰৰ কলিং বেল বজাইছিলোহে, মোৰ ফোনটোও লগতে বাজি উঠিল। “নিশ্চয় ভোদাফোন হ’ব, ইহঁতৰো যে কাম নাই আৰু”, মনতে ভাবি খঙতে ফোনটো উলিয়ালো। “দেউতা দেখোন, আজি ৰাতিপুৱাই কৰিলে যে”, মনতে ভাবিলো।
“অ’ দেউতা, মই অলপ পিছত কৰি আছো”
দেউতা – “পাঠক ছাৰ আৰু নাই”
হঠাৎ যেন সৰগহে ভাগি পৰিল। বজ্ৰপাত পৰা কপৌৰ দৰে মই ৰৈ থাকিলো। চকুৰ আগত এখন মুখ আৰু কিছুমান স্মৃতি ভাহি উঠিল, ছাৰৰ, হিমাংশু পাঠক ছাৰৰ।

স্মৃতি – ১
ছাৰৰ ঘৰত টিউচন আৰম্ভ কৰাৰ কেইমাহমান হৈছে। আমি মুঠতে পাঁচজন, মোকে সামৰি ল’ৰা দুজন আৰু ছোৱালী তিনিজনী। ক’ৰ পৰা জানো “Put off” “Put on” শব্দ দুটি ওলাল আৰু দুৰ্ভাগ্যবসত মই ছাৰৰ ওচৰৰ চকীতেই বহি আছিলো। ছাৰে মোৰপিনে চাই ক’লে, “t-shirt টো খুল” । মই কিছু মুহূৰ্ত অবাকহৈ চাই থাকিলো ছাৰৰপিনে। এওঁ ধেমালি কৰি ক’লে নে চিৰিয়াছলি? “নুশুনা হ’লি নেকি?” ছাৰৰ ৰঙা চকু দেখি বুজিলো যে এয়া ধেমালি নহয়। এতিয়া মোৰ অবস্থা, ফাঁট মেলা আই বসুমতি, পাতালে লুকাওঁ। লাজ-কাণ কাটি কৰি t-shirt টো খুলিলো। ছাৰে আটাইৰে পিনে চাই ক’লে, “এইটোক কয় put-off আৰু পিন্ধাটো কয় put-on” । মাঁ শপত খাই কৈছো জীৱনত কেতিয়াও এই দুটিৰ পাৰ্থক্য লৈ খোকোজা নালাগিল।

স্মৃতি – ২
২০০৫ চন এপ্ৰিল মাহ : ভাৰত বনাম পাকিস্তানৰ ক্ৰিকেট খেল। এই পৰিস্থিতিত কাৰ নো টিউচন শিকিব মন থাকিব। টিউচনত বহি আছো যদিও আটাইৰে মন খেলতহে লাগি আছে। আমাৰ টিউচনৰ গ্ৰূপও সম্পূৰ্ণ ল’ৰাৰ গ্ৰূপলে সলনি হৈ গৈছিল তেতিয়ালে। ছাৰে পঢ়াই থাকোতে এজনে ক’লে, “ছাৰ পানী খাই আহো নেকি ভিতৰৰ পৰা?” ছাৰৰ ঘৰৰ ভিতৰলে আমি বহুদিন গৈছো। ছাৰৰ অনুমতি লৈ সি যি গ’ল, গ’লেই, পাঁচ মিনিটলৈ ঘূৰিয়ে নাহিল। ছাৰে ক’লে,”ই নাহিল যে।“ আনএজনে তপৰাই ক’লে, “ছাৰ মই চাই আহো ৰ’ব।“এই আশ্বাস দি বাপুৰামেও কিন্তু উভতি নাহিল। দুই মিনিট পিছত ছাৰে নিজেই ক’লে,”অজি মানে তুহাৰ (তহঁতৰ) শিকবা (শিকিব) মন নাই, ব’ল তুহুনও (তহঁতো) ভিতৰত।“ আমি একেজাপেই ভিতৰ পালোঁগে। ভিতৰত আগতে অহা দুজনে ধুনীয়াকে চকীত বহি ধোনীৰ কোব চাই আছে। Drinks Break ৰ সময়ত ছাৰে আমাক ক’লে, “যা, কেইখনমান dictionaryলৈ আহ ৰুমৰ পৰা।“ ছাৰৰ টিউচনৰ টেবুলখনত অন্তত: ১০ খন dictionary আছিল। আমি সেইবোৰ মেলি খেলৰ লগতে ৰবি শাস্ত্ৰী আৰু শিদ্ধুৱে কোৱা কমেন্ত্ৰীৰ মাজৰ পৰা শব্দ উলিয়াই তাৰ অৰ্থ বিছাৰো। ইমান আনন্দময় শিক্ষা পোৱা মোৰ জীৱনত আজিলৈ মনত নাই। সোণত সুৱগা চৰাই ধোনীয়ে সিদিনা ১৪৮ কোবালে। তাৰ পিছৰ পৰা বহু খেল ছাৰৰ ঘৰত চালো আৰু বহুত কমেন্ত্ৰীও শুনিলো ।

স্মৃতি – ৩
ছাৰৰ টিউচন পঢ়োৱা চকী খনৰ সম্মুখত দুখন টেবুল আছিল, এখনৰ পিছত এখন শাৰীপাতি। টেবুল কেইখনৰ এটি ফালে বহিবৰ বাবে বেঞ্চ আৰু আনফালে চকীৰ শাৰী। এদিন এনেকৈ চলি থাকোতেই হঠাতে টেবুলৰ তলত চাই সাপ বুলি চিঞৰিলে, ভয়তে আমিও চিঞৰি দিলো, দুজনমানে ভয়তে ভৰি বেঞ্চ/চকীৰ ওপৰত উঠালে। ছাৰে শান্ত মাতত আমাক ক’লে, “এই যে তহঁতৰ অৱস্থা হ’ল, এইটো অৱস্থাক ইংৰাজীত scared বুলি কয়।“ আমাৰ হাঁহিৰ গৰ্জনি ৰুমত প্ৰতিধ্বনিত হ’ল।

এনেকুৱা বহুত কাহিনীৰে ভৰি আছে ছাৰৰ সান্নিধ্যৰ স্মৃতি। ছাৰে এটি কথা বহুত কৈছিল, “লম্বৰ (নম্বৰ শব্দটিৰ ছাৰৰ স্ব-আবিষ্কৃত অপভ্ৰংশ)হে লাগে আজিকালি, Third Person Singular ৰ লগত কোব্ৰাডাল বহে নে নবহে কাৰ জানিব মন? (কোব্ৰা মানে s আখৰটি)” । শিকোৱাৰ এটি বেলেগ ধৰণ আছিল ছাৰৰ । আমি সন্মান যিমান কৰিছিলো, সিমানেই ভয়ও আছিল তেওঁৰ প্ৰতি। এয়া অকল মোৰ নহয়, ছাৰৰ সমূহ ছাত্ৰ-ছাত্ৰীৰ দশা একেই।
তেখেতৰ দীঘলীয়া শিক্ষকীয়া জীৱনছোৱাত তেওঁৰ সান্নিধ্যলৈ অহা প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰ মাজেৰে পাঠক ছাৰ নি:সন্দেহে বহু দশক জীৱিত থাকিব । এই লেখাৰ জৰিয়তে ছাৰৰ প্ৰতি আমাৰ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিলোঁ। তেওঁৰ বিদেহী আত্মাই যেন চিৰশান্তি লাভ কৰে।

Share This :

Leave a Comment

Your email address will not be published. Required fields are marked *