E-Bihu-এক নতুন অভিজ্ঞতা

যিকোনো ক্ষেত্ৰতে প্ৰথম অভিজ্ঞতা সদায়ে খুউব ৰোমাঞ্চকৰ হয় । পুনেৰ পৰা ভণ্টিয়ে খবৰ দিলে “অ’ই অসমী ,পুনেৰ উদ্যোগত আমি এইবাৰ E-Bihu পাতিবলৈ লৈছোঁ চাবিচোন । Teaser টো পঠিয়াইছো চা।” হ’লোৱেই নহয় excited. Teaser চাইয়ে গম পালোঁ যে  picture pura hit hone wale hain. তাৰ পিছৰেপৰা অসমীৰ পেজত বিহু উপলক্ষে আয়োজন কৰা সকলো প্ৰতিযোগিতাৰ মই নিয়মীয়া দৰ্শক হৈ পৰিলোঁ। সকলোৱে ইমান উৎসাহেৰে আৰু সুন্দৰকৈ প্ৰতিযোগিতাত অংশ লৈছে ,সেই উৎসাহ আৰু লগতে প্ৰতিযোগিতাৰ যি seriousness সেইয়া দেখি… যদিও miles apart …মইও ঘৰতে উৎসাহিত হ’লো।

         নিৰ্দিষ্ট দিনা login ID দিলে ভণ্টিয়ে । Over excited হৈ কাম-বন যি য’ত আছিল লৰালৰিকৈ সামৰি বিহু চাবলৈ বহি ল’লোহি লগত একাপ গৰম চাহ লৈ। ভগৱানক খাটিছো বৰ বেছি খেলিমেলি নোহোৱাকৈ যাতে চাবলৈ দিয়ে আৰু ?। ওলাইছে নে মানুহবোৰ…কেতিয়া ওলাব ….অ’ই ওলাইছে ওলাইছে আহা‌ আহা সোনকালে। গৃহস্হকো মাতি আনিলো । লাহে লাহে প্ৰগ্ৰেম আগবাঢ়িছে । ইমান সুন্দৰকৈ আগবাঢ়ি গৈ আছে প্ৰগ্ৰেম। য’ৰ চাহ ত’তে ঠাণ্ডা হ’ল। পাহৰিয়ে গ’লো চাহৰ কথা । সঁচাকৈ ঘৰতে বহি বিহুতলীত বিহু চাই থকাৰ অনুভৱ। প্ৰথমেই ইমান সুন্দৰকৈ বন্তি প্ৰজ্বলনৰ দিহা কৰিছে শলাগ নলৈ নোৱাৰি। E-Bihu বুলি এনেই চাকি এগছ জলাই থৈ দিয়া নাই। বিহু মঞ্চৰ দৰেই সুন্দৰকৈ সজাই পৰাই ইমান সুন্দৰ এটা পৰিবেশ দিছে যে E-Window ৰে জুমি চাইয়ো নিজে তাত উপস্হিত থকাৰ অনুভৱটো আনি দিছে। এনেধৰণৰ সৰু সৰু কথাই অনুষ্ঠান এটা সাফল্যমণ্ডিত কৰাত বহুত ডাঙৰ অৰিহনা যোগায়। তাৰপিছত অভিভূত হ’লো অনুষ্ঠান পৰিচালিকা কেইগৰাকীৰ পাৰদৰ্শিতাত । অনুষ্ঠান এটা সকলোৰে বাবে উপভোগ্য কৰি কোনেও আমনি নোপোৱাকৈ লগতে নিৰ্দিষ্ট সময়ত শেষ কৰি সুন্দৰকৈ আগবঢ়াই নিয়াটো নিৰ্ভৰ কৰে পৰিচালক/পৰিচালিকাৰ ওপৰত । অতি গধুৰ দায়িত্ব। তাতে E-Bihu পৰিচালনা আৰু জটিল। ইমান সুন্দৰ আৰু সাৱলীল ভাবে চলাই নিলে গোটেই সময়খিনি, ইগৰাকীৰ সৈতে সিগৰাকীৰ যি তাল মিল… একেলগে নথকাকৈয়ে… সেইয়া সঁচাকৈয়ে খুবেই প্ৰশংসনীয়।

          তাৰপিছতে অসমৰ ইমানকেইজন guest artist ৰ লগত  যোগাযোগ কৰি আমন্ত্ৰণ জনাই সুন্দৰ অনুষ্ঠান কৰি যি আমোদ দিলে শ্ৰোতা-দৰ্শকক তাৰবাবে তেওঁলোক সঁচাকৈয়ে ধন্যবাদৰ পাত্ৰ। একেলগে এটা অনুষ্ঠানত অসমৰ ইমান কেইজন শিল্পীক আনিব পৰাটো প্ৰশংসনীয়।
        
           আৰু এটা কথাই আমাক খুবেই আকৰ্ষিত কৰিলে…. ঘৰতে বহি বিহু কৰিছে বুলি কোনেও যে casual dress ত বিহু চাবলৈ বহা নাই। ইমান ধুনীয়াকৈ বিহুতলীত বিহু চাবলৈ যোৱাৰ দৰে সুন্দৰকৈ অসমীয়া সাজ পৰিধান কৰি কান্ধত গামোচাখন লৈ বহিছে ,সেই কথাই আপ্লুত কৰিলে। ইয়াৰ বাবে অনুষ্ঠানটোৰ জেউতি চৰিল । আমাক এটা সুন্দৰ বিহুৰ পৰিবেশ দিলে।

             আৰু শেষত ….last but not the least …. technical team টোৱে ইমান সুন্দৰকৈ support দি থাকিল আৰম্ভণিৰ পৰা শেষলৈকে যিটো হয়তো ইমান সহজ নহয় । এনেকুৱা meet বোৰত বাৰে বাৰে কাৰিকৰী বিজুতি ঘটি থাকিলে অনুষ্ঠান এটা চলাই নিয়াত যথেষ্ট অসুবিধা হয় আৰু অনুষ্ঠান উপভোগ্য হৈ নুঠে। এইক্ষেত্ৰত  কাৰিকৰী দলটো এশ শতাংশই সফল হৈছে। আমাক কোনো বিঘিনি-বিজুতি নঘটাকৈ সুন্দৰভাৱে অনুষ্ঠান উপভোগ কৰিবলৈ সুবিধা কৰি দিয়াৰ বাবে দৰ্শক হিচাবে দূৰণিৰ পৰাই বহুত বহুত ধন্যবাদ জনালোঁ।

           সদৌশেষত যিসকলৰ সুন্দৰ চিন্তাত অনুষ্ঠানটোৱে প্ৰাণ পালে, আমি সকলোৱে এই lockdown ৰ সময়ত ঘৰতে বহি এটা সুন্দৰ সাংস্কৃতিক সন্ধিয়া উপভোগ কৰিবলৈ সুবিধা পালো তেখেতসকললৈ প্ৰণাম ।

          দূৰণিবটীয়া দৰ্শক হিচাপে মনৰ অনুভৱ আমাৰ। অসমী,পুনেৰ সকলো সদস্যলৈ বহাগৰ ওলগ, শুভেচ্ছা জনালোঁ। সদায় এনে সুন্দৰ কামবিলাক কৰি যাওক। ভাল হওক। ভালে থাকক। ?

Share This :