অস্তিত্বৰ সন্ধানত আহিলো ওলাই
আমি নিজৰ মাটিতে !
হেৰাব ধৰিছে আমাৰ ভাষা,
হেৰাব ধৰিছে আমাৰ বাপটি সাহোন,
হেৰাব ধৰিছে অস্তিত্ব আমাৰ !
আকৌ ৰাঙলী হ’ব ধৰিছে —
আমাৰ আইৰ বুকুখনি !
সহিব নোৱাৰোঁ সেই বিড়ম্বনাটি
হ’ব ধৰিছে উদং, আইৰ বুকু খনি !
সপোন দেখাৰ বয়সত——
জাগি উঠিছো !
আইৰ হকে , আজি আমি তুলি লৈছোঁ
তুলি লৈছোঁ শিখা !
এই শিখা, নোৱাৰে নুমুৱাব কোনেও
নোৱাৰে লুকুৱাব !
জলি উঠিছে বুকু খনি আজি ———
নিদিও , নিদিও আমি বিদেশিক ভেদিব !
অস্তিত্বৰ সন্ধানত ওলাই আহিছোঁ,
আমি নিজৰ মাটিতে !!