Assamese Articles

বুলবুল

স্কুলত মোৰ এগৰাকী বান্ধৱী আছিল। নাম তাইৰ বুলবুল।প্ৰতিটো শ্ৰেণীতে দুই তিনিবাৰ ফেল কৰিহে ওপৰ শ্ৰেণীলৈ উঠিছিল। সেইবাবেই তাইক আমি ফেলৰি বুলিয়েই মাতিছিলো। সেইবুলি কলে তাই লাজো নাপাই, বেয়াও নাপাই। সেইদিনাৰ কথা। আমাৰ বুৰঞ্জীৰ পৰীক্ষা আছিল। এই শ্ৰেণীটোত বুলবলৰ তিনিবছৰ হল।এইবাৰ পাচ নকৰিলে স্কুলৰ পৰা খেদা খাব লাগিব। মই এই শ্ৰেণীটোতে বুলবুলক লগ পাইছোহি।আমাৰ ঘৰৰ ওচৰৰে […]

Share This :

বুলবুল Read More »

অব্যক্ত বেদনা__

‘…হেৰা! বাবাটোৰ জ্বৰখন আকৌ উঠিছে দেখোন। মূৰত ঠাণ্ডা পানীৰ পতি দি দিওঁ দিয়া। জ্বৰ কমা ঔষধটো। … সি বৰ কষ্ট পাইছেঅ’। …ইচ্! ৰাতিপুৱাই চাইকেলখনৰ পাচচকাত হাৱাই নাই। বাবাটোৰ স্কুল পোৱাৰ সময় পাৰহৈ যাবগৈ। হাৱা দিয়া পামটোবা ক’ত। …বাবাটোক ভালেখিনি পইচাৰ দৰকাৰ হৈছে। চহৰত থাকি পঢ়িছে যে সি। …হ’ব দিয়া কিবা এটা ব্যৱস্থা কৰিব লাগিব। দুদিনমান

Share This :

অব্যক্ত বেদনা__ Read More »

নিৰাপদ

আজি জুৰিৰ ভনীয়েকৰ বিয়া।ছমাহৰ আগতে আঙঠি পিন্ধোৱাৰ পৰ্ব হৈ গৈছে, তেতিয়া লৈকে তাইৰ গাত ততেই নাছিল,বেকাৰীত গৈ কেক অৰ্ডাৰ দিয়া, মানুহ মতা,ভাত ৰান্ধিবলৈ ৰান্ধনী ঠিক কৰা সকলো বোৰ তাইয়েই কৰিছিল।ভায়েক এটা আছে তাইৰ সি সৰু বুলিয়েই একো কৰিবলৈ নিদিয়ে। দেউতাকৰ সময়ে নাথাকে, মাকৰ ঘৰৰ কামৰ পৰা আজৰি নাই, ভনীয়েকৰো চাকৰিৰ চুটি নাই।

Share This :

নিৰাপদ Read More »

শুদ্ধ আন্তৰিকতা আৰু বিহু নিমন্ত্ৰণ

(ক) জীৱনৰ সোণালী দিন বুলিলে স্কুলীয়া দিনবোৰলৈ মনত পৰে য’ত থাকে অকৃত্ৰিম হাঁহি, ভালপোৱা, নিভাঁজ সুখৰ সঁফুৰা। মনৰ বোজা নোহোৱা মন এটি লৈ স্কুলীয়া জীৱনৰ পাতনি। শিশু এটিৰ বৌদ্ধিক বিকাশৰ চাবিকাঠী নিৰ্মাণ হয় স্কুলীয়া জীৱনৰ পৰাই। বন্ধুত্বৰ আবদাৰ, এনাজৰী, দুষ্টালি সকলো মানৱীয় সহজাত প্ৰবৃত্তিবোৰ ঠন ধৰি উঠি পৰৱৰ্তী সময়ছোৱাত মানুহক জীপাল কৰে স্মৃতিৰ সঁফুৰাৰে নিজৰ

Share This :

শুদ্ধ আন্তৰিকতা আৰু বিহু নিমন্ত্ৰণ Read More »

COP 26, কাৰ্বনৰ শূণ্য নিৰ্গমন আৰু প্ৰত্যাহ্বান

আহিনমহীয়া ৩৮ ডিগ্ৰী চেলচিয়াছ উচ্ছতাৰ তীব্ৰ গৰমত দহি আমি নাতিশীতোষ্ণ ৰাজ্যৰ বাসিন্দাসকলে গ্লাচগ’ত অনুষ্ঠিত হোৱা পৃথিৱীৰ সৰ্ববৃহৎ জলবায়ু সন্মিলন COত্ন চ্ছ-ত সমৱেত হোৱা বিশ্বৰ বিভিন্ন দেশৰ শীৰ্ষস্থানীয় নেতাসকলৰ মুখলৈ আগ্ৰহেৰে বাট চাই আছোঁ–কিবা আশাৰ বতৰা যেন আহিব৷ জলবায়ু পৰিৱৰ্তনৰ লক্ষণসমূহ লাহে লাহে আমাৰ সন্মুখত স্পষ্ট হৈ ফুটি উঠিছে৷ পৃথিৱীৰ বিভিন্ন দেশত আনকি ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যতো

Share This :

COP 26, কাৰ্বনৰ শূণ্য নিৰ্গমন আৰু প্ৰত্যাহ্বান Read More »

ব্যক্তিত্ব বিকাশ, চৰিত্ৰ গঠন আৰু সমাজ ব্যৱস্থা

সম্প্ৰতি আধুনিকতাৰ মেৰপেচত সোমাই কৃত্ৰিম হৈ পৰা মানৱ সমাজখনত ব্যক্তিৰ চৰিত্ৰ গঠনেৰে এখন সুস্থ-সবল সমাজ গঢ় দিয়াটো অতিকৈ প্ৰয়োজনীয় হৈ পৰিছে৷ ব্যক্তিত্ব বিকাশ আৰু চৰিত্ৰ গঠন দুয়োটা সুকীয়া বস্তু৷ চৰিত্ৰ গঠন নকৰাকৈ ব্যক্তিত্ব বিকাশ কৰিব পাৰি, কিন্তু তাৰ পৰা এগৰাকী পৰিপূৰ্ণ মানৱ পোৱাটো সম্ভৱ নহয়৷ যি কোনো পৰিস্থিতিতে সমাজ-সংস্কৃতিৰ প্ৰগতিৰ হকে চিন্তা কৰা, ধৰ্মীয় গোড়ামী

Share This :

ব্যক্তিত্ব বিকাশ, চৰিত্ৰ গঠন আৰু সমাজ ব্যৱস্থা Read More »

জেঠাই, ড° নিৰ্মলপ্ৰভা বৰদলৈৰ সান্নিধ্যৰ কিছুমান স্মৃতিৰ ৰোমন্থন

ড° নিৰ্মলপ্ৰভা বৰদলৈ, নামেই যাৰ পৰিচয়! সাহিত্য একাডেমি বঁটা বিজয়ী সাহিত্যিক, গুৱাহাটী বিশ্ববিদ্যালয়ৰ জৱাহৰলাল নেহৰু আসনৰ অধ্যাপিকা, “সৰস্বতী“ উপাধিৰে বিভূষিতা, অসম সাহিত্য সভাৰ প্ৰাক্তন সভানেত্ৰী, শিশুসকলৰ মৰমৰ “নীলা বাইদেউ“ আৰু কত যে কি !

Share This :

জেঠাই, ড° নিৰ্মলপ্ৰভা বৰদলৈৰ সান্নিধ্যৰ কিছুমান স্মৃতিৰ ৰোমন্থন Read More »

বহাগ বিহু আৰু কৃষিজীৱি ৰাইজৰ ভিন্ন পৰম্পৰা

অসমৰ বিভিন্ন লোকসংস্কৃতি মূলতঃ কৃষিৰ ওপৰতে আধাৰিত। প্ৰকৃতি আৰু কৃষক ৰাইজৰ উতঃপ্ৰোত সম্পৰ্কৰ দ্বাৰাই ভিন্ন লোকসংস্কৃতিয়ে প্ৰাণ পাই উঠিছে। সময়ৰ সোঁতত আৰু আধুনিকতাৰ পৰশত উদযাপনৰ দিশত কোনো তাৰতম্য ঘটিলেও ইয়াৰ স্বকীয়তা তথা মাদকতা পূৰ্বৰ দৰেই অক্ষুণ্ণ আছে।

Share This :

বহাগ বিহু আৰু কৃষিজীৱি ৰাইজৰ ভিন্ন পৰম্পৰা Read More »

অসমীয়াৰ স্বাভিমান বিহু

বিহু উৰুকা ৰাতি হ’ল অন্তৰ্ধান, কেতেকী চৰায়ে কৰে পুৱতীয়া গান৷ দীঘলতি এছাৰিৰে ধৰা হাতে হাতে ল’ৰা বুঢ়া খেদে গৰু ধুৱাবলৈ ঘাটে৷ – কমলাকান্ত ভট্টাচাৰ্য উপক্ৰমণিকা : ভাৰত এখন খেতি-খোলা প্ৰধান দেশ৷ দেশৰ ৬০ শতাংশ ভূমি

Share This :

অসমীয়াৰ স্বাভিমান বিহু Read More »

অসমৰ জাতীয় উৎসৱ ৰঙালী বিহুৰ লগত জড়িত কেৰিয়াৰ

ৰঙালী বিহুৰ লগত জড়িত কেৰিয়াৰ মানে হ’ল বিহুৰ লগত হ’ব পৰা জীৱন-জীৱিকাৰ পথসমূহ। ইয়াৰ লগত বিভিন্ন ধৰণৰ কথা জড়িত হৈ আছে। আমি জানোঁ যে আমাৰ ৰাজ্যখনৰ সকলো অঞ্চলৰ লগতে প্ৰবাসী অসমীয়াসকলেও পৃথিৱীৰ বিভিন্ন অঞ্চলত ৰঙালী বিহু উদযাপন কৰে। এই ৰঙালী বিহুৰ জড়িয়তে ৰাজ্যখনক এক উল্লেখযোগ্য পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তুলিব পৰাৰ প্ৰচুৰ সম্ভাৱনা আছে ।

Share This :

অসমৰ জাতীয় উৎসৱ ৰঙালী বিহুৰ লগত জড়িত কেৰিয়াৰ Read More »