নিৰাপদ

আজি জুৰিৰ ভনীয়েকৰ বিয়া।ছমাহৰ আগতে আঙঠি পিন্ধোৱাৰ পৰ্ব হৈ গৈছে, তেতিয়া লৈকে তাইৰ গাত ততেই নাছিল,বেকাৰীত গৈ কেক অৰ্ডাৰ দিয়া, মানুহ মতা,ভাত ৰান্ধিবলৈ ৰান্ধনী ঠিক কৰা সকলো বোৰ তাইয়েই কৰিছিল।ভায়েক এটা আছে তাইৰ সি সৰু বুলিয়েই একো কৰিবলৈ নিদিয়ে। দেউতাকৰ সময়ে নাথাকে, মাকৰ ঘৰৰ কামৰ পৰা আজৰি নাই, ভনীয়েকৰো চাকৰিৰ চুটি নাই।

জুৰিয়েহে শিক্ষাৰ ক্ষেত্ৰ খনত ভালকৈ সফলতা অৰ্জন কৰিব নোৱাৰিলে।তিনিবাৰৰ অন্তত কোনোমতে মেট্ৰিকটো পাছ কৰিছিল।হায়াৰ চেকেণ্ডেৰী পঢ়িবলৈ নাম লগাইছিল, তাইৰ কিন্তু পঢ়াত মন নবহে,ঘৰৰ কামতহে বেছি মন, হায়াৰ চেকেণ্ডেৰীটোও দুবাৰ দি পাছ কৰিব নোৱাৰাত শিক্ষা সিমানতে সমাপ্ত কৰিছিল তাই।

তাৰ পাছৰে পৰা দহ ,বাৰ বছৰে ঘৰ খনৰ লগতে ব্যস্ত তাই।দেখাটো ভনীয়েক কবিতাৰ নিচিনা সুন্দৰী নাছিল তাই, কোনোবাই বিয়া কৰাবলৈ চাবলৈ আহিলে‌ও ভনীয়েক কবিতাকে পচন্দ কৰিছিল।মাক -দেউতাকেও তাইক ল’ৰা নিচিনাকৈয়ে ডাঙৰ কৰাৰ নিচিনা। বজাৰ কৰা, তেওঁলোকক ডাক্তৰ ওচৰলৈ নিয়া , ভনীয়েকক হোষ্টেলত লগ কৰিবলৈ যোৱা সকলো জুৰিয়েই কৰিছিল।তাইৰ মনটোৱে কি বিচাৰিছিল কাৰো ভাবিবৰে নহ’ল।

দুবাৰ মান দুজন মান ল’ৰাই বিয়াৰ প্ৰস্তাৱ দিছিল জুৰিক, পাছে এঘৰে শিক্ষা কম হোৱাৰ কাৰণে আৰু এঘৰে দেখাত এলাগী বুলিয়েই পুনৰ নাকচ কৰিলে। ইফালে ভনীয়েকে এম.এ পাছ কৰি মুম্বাইত চাকৰি কৰা ল’ৰা এজনৰ লগত বিয়া ঠিক হোৱাত সকলো তাইৰ বিয়ালৈ ব্যস্ত হৈ পৰে।তাইৰ কেলেই জানো সেই সময়ত বুকু খনত অলপ বিষ অনুভৱ কৰিছিল।বিয়া খবৰ লবলৈ অহা ওচৰৰে খুড়ীয়েক দুজনী মানে ভায়েকলৈ চাই কৈছিল কবিতাৰ বিয়াৰ পাছতেই এইবাৰ আমাৰ প্ৰাণৰ পাল দেই,সি লাজত ৰঙা পৰিছিল। জুৰিয়ে মাথো শুনি গৈছিল। দুবাৰ মান কাণ থিয় কৰিছিল জানোচা তাইৰ কথা কয়, নাই কোনেও নকয়!!!

আঙঠি পিন্ধোৱা সোকলমে হৈ গ’ল,বিয়ালৈ ছমাহ আছে এতিয়া, এদিন দুপৰীয়া বেলা পেহী আহি ওলালহি।চহৰৰ ইটো মূৰত তেওঁ লোকৰ ঘৰ। আহি লৈ মাক, ভনীয়েক আৰু জুৰিক ওচৰতে বহুৱাই লৈ কয়:নবৌ ম্ই আজি জুৰিৰ কাৰণে এটা বিবাহৰ প্ৰস্তাৱ আনিছো।

কথাখিনি শুনি জুৰিৰ মনটো ফৰকাল হৈ পৰিছিল।আই অ দেহি পেহীয়ে যে মোৰ কাৰণে ভাবিছে।

তেনেকুৱা তে মাকে কয় :আৰে তুমি কোনটো সময়ত প্ৰস্তাৱ আনিছা!ছমাহৰ পাছত কবিতাৰ বিয়া,ঘৰত ইমান‌বোৰ কাম পৰি আছে, জুৰিৰ বাদে কোনে কৰিব, এতিয়া এইবোৰ কথা ভাবিব লৈ সময় ক’ত?এনেয়ো দুবাৰ বিয়া ভাঙিছে তাইৰ।

জুৰিয়ে ভবা ই নাছিল জন্ম দিয়া মাকে এইষাৰ কথা কব বুলি।তাই পাকঘৰ লৈ পেহীয়েকলৈ চাহ কৰো সোমাই আহে , গেছটো জ্বলাই বহুত পৰ জুই খিনি লৈ চাই নিজকে কোৱা দি কৈ-তোৰ পঢ়া শুনা নাই,ত্ই দেখিবলৈ বেয়া ,তোকনো কোনে নিব অ আই,এই পাকঘৰ টোৱে ই সাৰথি বুলি তাই চাহৰ চচপেন টো পাতি দিয়ে।

তাইৰ কিন্তু জানিবলৈ মন থাকিল পেহীয়েককে নো কাৰ কাৰণে তাইক বিছাৰি আহিছিল।

চাওঁতে, চাওঁতে এমাহ তেনেকৈয়ে গ’ল। এদিন আকৌ সেই পেহী ওলালহি।,তাই এইবাৰ নিজেই পেহীয়েকক পাকঘৰলৈ নি সুধিলে: অ পেহী, সেইদিনা মোক কাৰ কাৰণে বিছাৰি ‌আহিছিলনো?
পেহীয়ে বোলো আমাৰ ওচৰৰ ৰমেন আকৌ?
জুৰি অলপ আচৰিত হ’ল :কেলেই তাক তাৰ মানুহ জনীয়ে এৰি থৈ যোৱা নাই জানো?

পেহীয়েকে বোলে হয়,হয়।সি বৰ ভাল ল’ৰা অ, মানুহ জনি হে বৰ বিলাসী মনৰ আছিল।তাৰ সেই চাইকেলৰ দোকানেৰে ক’ত নো সুখী কৰিব পাৰিব । গুচি গ’ল এৰি থৈ।

তাই পুনৰ গেছটো জ্বলাই জুই খিনি লৈ চাই ভাবে: ঠিকেই আছে, ইয়াতকৈ নো কেনেকুৱা ল’ৰালৈ তাইক দেখুৱাব।শিক্ষা নাই, দেখিবলৈও আপচু, এইবাৰ কবনোৱাৰাকৈ তাই দুগালে দুধাৰি চকুলো বৈ আহিল।

বিয়ালৈ মাথো এমাহ বাকী।যিমানে দিন চমু চাপিছে,সিমানেই তাইৰ মনটোৱে হাহাকাৰ কৰি উঠিছে। এজনী য়ে ভনীয়েক মনটো বেয়া লগাৰ প্ৰশ্নই নুঠে। তথাপি এবাৰ যদি তাইক ভনীয়েকে কলে হেনেত: বা আজি ম্ই হে তোৰ বিয়াৰ বাবে ব্যস্ত হ’ব লাগিছিল, নহ’লে মাকেও যদি এবাৰ কলে হেতেন: এই ৰভা তলত ডাঙৰ আইক প্ৰথমে বহুৱাব পৰা হ’লে, দেউতাকে যদি বুজালে হেতেন: ডাঙৰ আই নতুন ঘৰখনত ভালকৈ থাকিবিগৈ দেই। কাৰো আহৰি নাই তাইৰ কথা ভাবিবলৈ। তেনেকুৱাতে পিঠিত হাত এখন পৰা যেন পালে তাই পাছলৈ চাই দেখে
ভায়েক প্ৰাণ। সি অতি আবেগেৰে কৈ যায়: কোনেও নুবুজিলেও ম্ই বুজো ডাঙৰ বাই, ত্ই এইকেইদিন বৰ হীনমান্যতাত দিন বোৰ পাৰ কৰিছ।এইখন ঘৰত তোৰ কথা ভবা কোনো নাই অ, ত্ই পেহীয়ে ঠিক কৰি দিয়া ৰমেন দাদালৈকে যা গৈ যা।

জুৰিয়ে ভায়েকৰ কথা শুনি অবাক! ইমান ডাঙৰ হ’ল নে ই! সি পুনৰ কৈ ম্ই সেইদিনা পেহীৰ লগত কথা পাটোতে সকলো শুনিলো,তোৰ চকুত চকু পানী ম্ই চাব নোৱাৰো ডাঙৰ বাই।ত্ই আমাৰ কাৰণে ,ঘৰ খনৰ কাৰণে বহুত কৰিছ, ম্ই ৰমেন‌দাক কৈ আহিছো,আজি আবেলি মাখনৰ হোটেলৰ ওচৰত সি ৰৈ থাকিব ,ত্ই ওলা বাই ম্ই তোক থৈ আহিম। নহ’লে ত্ই ঘৰতেই থাকি যাবি বাই বুলি সি তাইক সাবতি লৈ হুকহুকাই কান্দি দিয়ে।

সেইদিনা সচাকৈ জুৰিৰ কি হৈছিল তাই নিজেই কব পৰা নাছিল,তাই এতিয়াও গম পোৱা নাই তাই ভাল কৰিলে নে বেয়া কৰিলে৷ জন্ম, মৃত্যু, বিবাহ ভাগ্য ৰ লিখন বুলি অতদিনে শুনি আহিছিল তাই, কিন্তু নিজৰ ক্ষেত্ৰত এনেকৈ খাপ খাব বুলি সপোনতো ভবা নাছিল,ঘৰৰ মানুহে তাইক সাৰ্থপৰ বুলি য়ে হয়তু ভাবি আছে। কিন্তু তায়ো যে মানুহ।নিজৰ এখন সংসাৰ কৰাৰ সপোনটো শিক্ষা নাই বুলি, দেখি বলৈ বেয়া বুলিয়েই কেনেকৈনো এৰি দিয়ে। চাইকেলৰ দোকানী জানো মানুহ নহয়! নালাগে চোন মুম্বাইৰ দৰা!

এইবোৰ ভাবি থাকোঁতে পাহৰি পেলাইছিল আজি তাইৰ মৰমৰ ভনীয়েকৰ বিয়া। দুদিনৰ আগত তাই মিটিৰ‌হৈ অহা মাকৰ ঘৰখনলৈ যাবলৈ দেৰিয়েই হৈছে।সিফালে ৰমেন ওলাই ৰেদি। ওচৰতে তাইৰ মাকৰ ঘৰখন।ৰমেন আৰু তাই খোজ কাঢ়ি পুৱাই বিয়া ঘৰলৈ গৈ থাকিল, বাট টোত কাষত মানুহজনক পায় তাই বৰ নিৰাপদ অনুভৱ কৰিলে যিটো নিৰাপদ তাই হয়তো বিয়া নোহোৱাকৈ মাকৰ ঘৰ খনত থকা হ’লে কোনোদিনেই নাপালেহেতেন।

About The Author :
অভিনন্দা বৰা ফুকন
পিম্পৰী,পুণে

Share This :