অসমৰ বিভিন্ন লোকসংস্কৃতি মূলতঃ কৃষিৰ ওপৰতে আধাৰিত। প্ৰকৃতি আৰু কৃষক ৰাইজৰ উতঃপ্ৰোত সম্পৰ্কৰ দ্বাৰাই ভিন্ন লোকসংস্কৃতিয়ে প্ৰাণ পাই উঠিছে। সময়ৰ সোঁতত আৰু আধুনিকতাৰ পৰশত উদযাপনৰ দিশত কোনো তাৰতম্য ঘটিলেও ইয়াৰ স্বকীয়তা তথা মাদকতা পূৰ্বৰ দৰেই অক্ষুণ্ণ আছে। অসমীয়াৰ বাপতি সাহোন বহাগ বিহুটিও ইয়াৰ ব্যতিক্রম নহয়। বহাগ বিহুটিক লৈ কৃষক ৰাইজৰ ভিন্ন পৰম্পৰা তথা উদযাপন পদ্ধতিয়ে সময়ৰ নিষ্ঠুৰ আঘাতত কিছু ব্যতিক্ৰমী ৰূপ লাভ কৰিছে যদিও ইয়াৰ মাদকতা কিন্তু বর্তমানেও একেই আছে আৰু ভবিষ্যতলৈও কোনো হানি বিঘিনি হোৱাৰ সম্ভাৱনা নাই। ঠাইসাপেক্ষে ইয়াৰ উদযাপন পদ্ধতিত কিছু ভিন্নতা আহি পৰে, কিন্তু প্রকৃতিৰে নিবিড় সম্পর্ক স্হাপনৰ ক্ষেত্ৰত এই ভিন্নতা কেতিয়াও হেঙাৰ হৈ উঠিব পৰা নাই। প্রাচীন কালৰে পৰাই প্ৰাকৃতিক সাল সলনিৰ ভিন্ন কাৰ্য্যৰ ওপৰত ভিত্তি কৰিয়েই একো একো উৎসৱে ঠন কৰি উঠিছিল। কিছু প্ৰমাণৰ পৰা এই কথাও ঠাৱৰ কৰিব পাৰি যে অসমৰ কিছু কিছু জনগোষ্ঠীয়ে আগৰে পৰাই চ’তৰ সংক্ৰান্তিৰ দিনাৰ পৰিবৰ্তে বহাগৰ যিকোনো সুবিধাজনক দিনতেই বহাগ বিহু পালন কৰিছিল। ই মূলতঃ নিৰ্ভৰ কৰিছিল কিছু প্রাকৃতিক পৰিঘটনাৰ ওপৰত।
পৰম্পৰা অনুসৰি সাত দিনৰ বাবে বহাগ বিহু পালিত হয়। গৰু বিহুৰ দ্বাৰাই বহাগ বিহুৰ উচাহ উদ্দীপনা ৰাইজৰ মাজত বিয়পি পৰে। গৰু হৈছে কৃষক ৰাইজৰ বাবে এক অতি গুৰুত্বপূৰ্ণ জন্তু। বহাগত গছে ন-পাত সলোৱাৰ সময়তে, চাৰিওফালে বসন্তৰ আগমনৰ আগজাননীৰ মাজতেই আগন্তক কৃষি কর্ম সুচাৰু আৰু মংগলময়ৰূপত সম্পন্ন হোৱাৰ আশাৰে বিহুৰ দিনাখনেই নিজৰ গৰু হালৰ প্ৰতি সেৱা আগবঢ়োৱা হয়। প্রাচীন কালত বড়ো জনগোষ্ঠীয় লোক সকলে বহাগ বিহুৰ প্ৰতিটো দিনেই নিজৰ একো একোটা পোহনীয়া জীৱ-জন্তুৰ প্ৰতি উচৰ্গা কৰিছিল। গৰু হালক কৃষিকৰ্মত নিয়োজিত কৰাৰ ফলত যাতে আগন্তক বৰ্ষত শস্য উৎপাদন বৃদ্ধি পোৱাৰ লগতে গাইজনীয়ে যাতে অধিক পৰিমাণৰ গাখীৰ উৎপাদন কৰিব পাৰে তাৰ বাবেই গৰু হালক ধুওৱাৰ লগতে মাহ হালধি সানি ‘লাউ খা, বেঙেনা খা, বছৰি বছৰি বাঢ়ি যা’ ইত্যাদি যোজনাৰে বছৰি বছৰি বাঢ়ি যাবলৈ তথা কার্যক্ষম হবলৈ প্ৰাৰ্থনা কৰা হয়।
গৰু বিহুৰ দিনা হুঁচৰি এযোৰাৰ আৰ্শীবাদ গ্ৰহন কৰিব পাৰিলে স্বৰ্গত স্হান পায় বুলি লোকবিশ্বাস আছে। সেয়েহে সেইদিনা নিজ গৃহত হুচঁৰিৰ আগমনক লৈ সকলোৱে আশাৰে বাট চাই থাকে। গৰু বিহুৰ দিনাৰে পৰাই হুঁচৰি গোৱাৰ পৰম্পৰা আৰম্ভ হয়। নামনি অসমৰ কিছু ঠাইত গো-লক্ষী হিচাবে ব্ৰাহ্মণৰ দ্বাৰা গৰুক পূজা কৰাৰো নিয়ম আছে। বহাগ বিহুত বিশেষকৈ উজনি অসমত কণী যুঁজ এক আকৰ্ষনীয় পৰম্পৰা। গৰু বিহুৰ দিনাৰ পৰা আৰম্ভ হৈ সাতোটা দিন এই পৰম্পৰা অব্যাহত থাকে। কণীক প্ৰজননৰ এক প্ৰতীক হিচাবে গণ্য কৰা হয় আৰু কণী যুঁজৰ দ্বাৰা আগন্তক বৰ্ষৰ বাবে শস্য উৎপাদন যথেষ্ট বৃদ্ধি পায় বুলি বিশ্বাস কৰা হয়। বিহুৰ দিনা ১০১ বিধ শাকৰ আন্জা খাব লাগে বুলিও পৰম্পৰা আছে, কিন্তু বর্তমান তেনে শাক দুৰ্লভ হোৱাৰ ফলত এই পৰম্পৰা ৰক্ষাত কিছু অসুবিধাৰ সৃষ্টি হৈছে। অবিভক্ত কামৰূপ জিলাত যোৱা শতিকাৰ ষষ্ঠ দশকলৈকে ‘শিয়াল খেদা’ পৰম্পৰাও বিদ্যমান আছিল। বড়ো সকলৰ মাজত কিছু কিছু অঞ্চলত এই প্রথা আজিও চলে বুলি শুনা যায়। শিয়াল জন্তুবিধ অন্য পোহনীয়া জন্তুৰ বাবে বিপদজনক হোৱা বাবে গৰু বিহুৰ দিনা গঞা ৰাইজে শিয়াল চিকাৰ কৰিবলৈ যাঠি-জোং লৈ হাবিত সোমায়। চিকাৰ কৰা জন্তুৰ মাংসৰে গাঁৱৰ মানুহে সমূহীয়া ভোজ ভাত খায়।
বহাগ বিহুৰ দ্বিতীয় দিনা মানুহ বিহু হিচাবে পালন কৰে। মানুহ বিহুৰ দিনাৰ পৰাই মূলতঃ বহাগ মাহ অর্থ্যাৎ অসমীয়া নৱবৰ্ষ আৰম্ভ হয়। কৃষক ৰাইজে পূৰ্বতে এই দিনত খালী পেটত নিম পাত চোবাই খাইছিল যাতে গোটেই বছৰটোৰ বাবেই পেটৰ কোনো বেমাৰ আজাৰে দেখা নিদিয়ে। আন এক লোকবিশ্বাস অনুসৰি এই দিনত নিম পাত চোবাই খালে সাপৰ বিষেও শৰীৰত কোনো ধৰণৰ ক্ৰিয়া কৰিব নোৱাৰে। মানুহ বিহুৰ দিনা উদযাপিত বিভিন্ন পৰম্পৰাৰ দ্বাৰা পৰিয়ালৰ সকলো সদস্যৰ মংগল কামনা কৰা হয়। নাহৰ পাতত বিভিন্ন সংস্কৃত মন্ত্ৰ লিখি ঘৰৰ ভিন্ন স্হানত আঁৰি দিয়া হয়। ভগবান ৰূদ্ৰদেৱতাৰ প্ৰতি উৎসৰ্গিত এই মন্ত্ৰৰ দ্বাৰা বতাহ-বৰষুণ ইত্যাদিৰ পৰা ঘৰখন ৰক্ষা পৰে বুলি বিশ্বাস কৰা হয়। মানুহ বিহুৰ পাছৰ দিনা গোসাঁই বিহু উদযাপিত হয়। শুভ ফল লাভৰ বাবে তথা যিকোনো অশুভ শক্তিৰ পৰা নিজক তথা আপোনজনক ৰক্ষাৰ উদ্দেশ্য ঈশ্বৰক পূজা-অৰ্চনা আগবঢ়োৱা হয়। নামঘৰ, কীৰ্তনঘৰ ইত্যাদিতো সমূহীয়া নাম-কীৰ্তনৰ আয়োজন কৰা হয়। বহাগ বিহুৰ চতুৰ্থ, পঞ্চম আৰু ষষ্ঠ দিনা ক্ৰমে তাওঁৰ বিহু, নাঙলৰ বিহু আৰু জীৱজন্তুৰ বিহু নামেৰে জনাজাত। কোনো বিশেষ পৰম্পৰা উল্লেখ নাই যদিও তিৰোতাসকলে বিভিন্ন হস্ততাওঁৰ সামগ্ৰী প্ৰস্তুত কৰা তথা পুৰুষসকলে কৃষি কৰ্মৰ লগত জড়িত বিভিন্ন সামগ্ৰী তৈয়াৰ তথা চাফ চিকুণ কৰাতেই ব্যস্ত থাকে। ঘৰে ঘৰে হুচঁৰিৰ আগমনো অব্যাহত থাকে। অৱশ্য সময়ৰ সোঁতত ঘৰে ঘৰে হুচঁৰি গোৱাৰ পৰম্পৰা কিছু হ্ৰাস পাবলৈ যোৱা পৰিলক্ষিত হৈছে। বহাগ বিহুৰ আনুষ্ঠানিক সামৰণি পৰে সপ্তম দিনা। সেইদিনাক চেৰা বিহু বুলিও কয়। কামৰূপ আৰু দাতিকাষৰীয়া অঞ্চলত সেইদিনা সাত বিধ শাক খোৱাৰ নিয়ম আছে। বহাগ বিহু উপলক্ষ্যে আগৰ দিনত বিভিন্ন থলুৱা খেল ধেমালিও আয়োজন কৰা হৈছিল। উদাহৰণ স্বৰূপে বাঘবল, কচুগুটি, ঘিলা ইত্যাদি। তেনে খেল ধেমালি আমাৰ সমাজৰ পৰা কাহানিবাই বিলুপ্ত হল। আজিৰ নৱপ্ৰজন্মই তেনে থলুৱা খেল ধেমালিৰ বিষয়ে আভাস পাব পৰা অৱস্হা আজিৰ দিনত নাই। অসমৰ বিভিন্ন জনগোষ্ঠীয়ে বিভিন্ন সময়ত বহাগ বিহু পালন কৰে। নিজস্ব জনগোষ্ঠীয় স্বকীয়তা বজাই ৰাখি এই উৎসৱ পালনৰে প্ৰকৃতি তথা কৃষিৰ লগত থকা নিজৰ উতঃপ্ৰোত সম্পৰ্কক পুনৰ এবাৰ উদযাপন কৰিবলৈ প্ৰয়াস কৰে।
সময়ৰ কোবাল সোঁতত তথা আধুনিকতাৰ কৰাল গ্ৰাসত সোমাই পৰি ইতিমধ্যে বহাগ বিহুৰ লগত জড়িত বহু পৰম্পৰাৰ হয়তো পৰিবৰ্তন হৈছে নতুবা বিলুপ্ত হৈছে। আজিকালি গাৱঁৰ ৰাইজে জাক পাতি নদীত গৰু গা ধুওৱাৰ দৃশ্য প্ৰায় বিৰল। গছৰ তলত বিহু মৰাৰ দৃশ্যও ক্ৰমাৎ বিলুপ্ত হৈ আহিছে। অৰ্থ আৰু গ্লেমাৰৰ দৌৰত বিহুৱেও মঞ্চমুখী হবলৈ বাধ্য হৈছে। এনে পৰিস্হতিত পশ্চিমীয়া আগ্ৰাসনৰ এই প্ৰত্যাহবানপূৰ্ণ যুগতো বিহুৰ দৰে লোকউৎসৱৰ স্বকীয়তা তথা নিজস্বতা বজাই ৰাখিব পৰাটো আগন্তক সময়ৰ বাবে প্ৰতিজন অসমীয়াৰ বাবেই কৰণীয় বিষয়। তাতেই লুকাই আছে বিহুৰ নিজস্বতা আৰু স্বকীয়তা।
About the Author :
অভিনন্দন গোস্বামী
পুণে,মহাৰাষ্ট্ৰ