বুলবুল

স্কুলত মোৰ এগৰাকী বান্ধৱী আছিল। নাম তাইৰ বুলবুল।প্ৰতিটো শ্ৰেণীতে দুই তিনিবাৰ ফেল কৰিহে ওপৰ শ্ৰেণীলৈ উঠিছিল। সেইবাবেই তাইক আমি ফেলৰি বুলিয়েই মাতিছিলো। সেইবুলি কলে তাই লাজো নাপাই, বেয়াও নাপাই। সেইদিনাৰ কথা। আমাৰ বুৰঞ্জীৰ পৰীক্ষা আছিল। এই শ্ৰেণীটোত বুলবলৰ তিনিবছৰ হল।এইবাৰ পাচ নকৰিলে স্কুলৰ পৰা খেদা খাব লাগিব। মই এই শ্ৰেণীটোতে বুলবুলক লগ পাইছোহি।আমাৰ ঘৰৰ ওচৰৰে যেতিয়া আমাৰ আগৰে পৰাই বন্ধুত্ব। আমি দুজনী পৰীক্ষা দিবলৈ গৈ থাকোতে মই বুৰঞ্জীৰ চন তাৰিখ বিলাক আউৰাই গৈ আছো তাইৰ কিন্তু খবৰেই নাই। আপোন মনে গৈ আছে।

এনেতে আমি গৈ থাকোতে দেখিলো যে এজন বুঢ়া মানুহ ৰাস্তাৰ মাজত পৰি আছে।ওচৰে পাজৰে কোনো নাই। আমি দৌৰি গৈ দেখিলো মানুহ জন চাইকেলৰ পৰা পৰি মূৰফাটি তেজ ওলাইছে। এতিয়াই হস্পিতাললৈ নিব লাগিব। ইফালে পৰীক্ষালৈও বেছি দেৰি নাই।

মই বুলবুলক কলো বলা পৰীক্ষালৈ বেছি দেৰি নাই।ঘন্টা পৰিলে সোমাবলৈ নিদিব।বুলবুলে কিছু সময় বুঢ়া মানুহ জনলৈ চাই কলে, তুমি যোৱা মই মানুহ বিচাৰি মানুহ জনক হস্পিতাললৈ নিব লাগিব। মই কলো,তুমি পগলা হলা নেকি? এতিয়াই কোনোবা আহি তেখেতক হস্পিতাললৈ নিব। তুমি অকলে নোৱাৰা। তাতে তোমাৰ এই বাৰ পৰীক্ষা দিয়াৰ শেষ সুযোগ।পাচ কৰিব নোৱাৰিলে স্কুলৰ পৰা ওলাব লাগিব।
বুলবুলে অদ্ভুত শান্ত কন্ঠৰে কলে,মই পাচ কৰি যোৱাতকৈ এই মানুহ জনৰ জীৱনটো বেছি মূল্যবান।
বুলবুলে ইতিমধ্যেই ৰিস্কা এখন মাতি ৰিস্কাৱালাৰ সহায়ত মানুহ জনক হস্পিতাললৈ লৈ গ’ল। বুলবলৰ স্বাস্থ্য পাতি ভাল আছিল। সেই কাৰণেই মানুহ জনক ৰিস্কাত ধৰি নিব পাৰিছিল। মই শ্ৰেনীত ফেল কৰা ছাত্ৰৰ দৰে চুপ হৈ ৰৈ থাকিলো।

About the Author :
ৰুণু বৰঠাকুৰ
পুনে

Share This :