ব্যক্তিত্ব বিকাশ, চৰিত্ৰ গঠন আৰু সমাজ ব্যৱস্থা

সম্প্ৰতি আধুনিকতাৰ মেৰপেচত সোমাই কৃত্ৰিম হৈ পৰা মানৱ সমাজখনত ব্যক্তিৰ চৰিত্ৰ গঠনেৰে এখন সুস্থ-সবল সমাজ গঢ় দিয়াটো অতিকৈ প্ৰয়োজনীয় হৈ পৰিছে৷ ব্যক্তিত্ব বিকাশ আৰু চৰিত্ৰ গঠন দুয়োটা সুকীয়া বস্তু৷ চৰিত্ৰ গঠন নকৰাকৈ ব্যক্তিত্ব বিকাশ কৰিব পাৰি, কিন্তু তাৰ পৰা এগৰাকী পৰিপূৰ্ণ মানৱ পোৱাটো সম্ভৱ নহয়৷ যি কোনো পৰিস্থিতিতে সমাজ-সংস্কৃতিৰ প্ৰগতিৰ হকে চিন্তা কৰা, ধৰ্মীয় গোড়ামী নথকা, মনত হিংসা প্ৰবৃতি পুহি নৰখা, কাকো প্ৰলোভন নিদিয়া, আনৰ দ্বাৰা প্ৰলোভিত নোহোৱা, মিছা নোকোৱা, আনৰ ক্ষতিসাধন নকৰা, স্পষ্টবাদিতা–ইত্যাদি সৎ গুণবোৰেই এজন চৰিত্ৰৱান ব্যক্তিৰ প্ৰধান লক্ষণ৷
‘মানুহ গঢ়া’, ‘মানুহৰ চৰিত্ৰ গঠন কৰা’ আদি বিষয়বোৰলৈ মন-কাণ নিদি কেবল মাত্ৰ যদি সমাজ-ব্যৱস্থাৰ সলনিৰ বিষয়টোতে বিশেষভাৱে¸ গুৰুত্ব দিয়া হয়, তেনেহ’লে সেই কাৰ্যৰ পৰা এটা বৰ সন্তোষজনক ফলাফল পোৱাটো সম্ভৱ নহয়৷ পুৰণিকালৰ পৰা আজিলৈকে ‘বিশ্ব বুৰঞ্জী’, ‘ভাৰত বুৰঞ্জী’, ‘অসম বুৰঞ্জী’ আদিৰ নিৰপেক্ষ সমীক্ষণ কৰিলে দেখা যায় কেবল মাত্ৰ সামৰিক শক্তিৰে দেশ এখন ৰক্ষা কৰিব পাৰি, কিন্তু এখন সুস্থ সমাজ গঠন কৰাটো সম্ভৱপৰ নহয়৷ ৰাজনৈতিকভাৱে দেশ একোখনৰ স্পষ্ট সীমা থাকে, কিন্তু ভাষা-সংস্কৃতিৰ কোনো স্পষ্ট সীমাৰেখা নাথাকে৷ ভাৰতীয় সংস্কৃতিৰে সংস্কৃতিৱান পিতৃ-মাতৃ, অভিভাৱক অথবা শিক্ষাগুৰুসকলে প্ৰায়েই কোৱা শুনা যায়–‘‘মই ল’ৰা-ছোৱালীকেইটাক মানুহ হিচাপে গঢ় দিব বিচাৰোঁ৷’’ এই ‘মানুহ গঢ় দিয়া’ কথাষাৰে প্ৰধানকৈ চৰিত্ৰৱান ব্যক্তিত্ব বিকাশৰ কথাকে সুচায়৷ মানৱিক চৰিত্ৰ গঠনৰ অৰ্থ–লোভ, মোহ, ভয়, প্ৰলোভন, ঈৰ্ষা, হিংসা আদি নঞাৰ্থক ৰিপুবিলাকৰ আগত কেতিয়াও কোনো পৰিস্থিতিতে নতমস্তক নকৰা৷ সমাজত আমি ভবা প্ৰায়বোৰ তথাকথিত সন্মানীয় অথবা শক্তিশালী ব্যক্তিৰ চৰিত্ৰতেই এইবোৰ লক্ষণ পৰিলক্ষিত হোৱাতো দেখা নাযায়৷ কিয়নো এনেবোৰ ব্যক্তিৰ ব্যক্তিত্ব বিকাশ হ’ব পাৰে, বাহি্যক দৃষ্টিত তেওঁলোক বহুতো ধন-ঐশ্বৰ্য বা সফলতাৰ গৰাকীও হ’ব পাৰে, কিন্তু মানৱ সমাজৰ বাবে আটাইতকৈ প্ৰয়োজনীয় ‘চৰিত্ৰ গঠন’ তেওঁলোকৰ নোহোৱা বাবে তেওঁলোক প্ৰকৃত মানৱীয় গুণৰ অধিকাৰী হ’ব নোৱাৰে৷ ‘ৰামায়ণ’ৰ ৰাৱণ, ‘মহাভাৰত’ৰ দূৰ্যোধন নাইবা হিটলাৰ, ষ্টেলিন, লাডেন, ছাদ্দাম হুছেইন ইত্যাদি ইত্যাদিবোৰ পৌৰাণিক আৰু আধুনিক সমাজৰ নঞাৰ্থক চৰিত্ৰবোৰৰ ফালে ভালকৈ মন কৰিলে দেখা যায় যে তেওঁলোকে চৰিত্ৰ গঠন নকৰাকৈ ব্যক্তিত্ব বিকাশ ঘটাবলৈ চেষ্টা কৰিছিল৷ এই চেষ্টাৰ পৰিণতি যে অতি ভয়ঙ্কৰ তাক তেওঁলোকৰ পৰিণতিৰ পৰায়েই উপলব্ধি কৰিব পাৰি৷ বৰ্তমান আমাৰ সমাজৰ প্ৰায় সকলো স্তৰতেই ইয়াৰ অন্যতম আৰু সৰ্বোৎকৃষ্ট চাকুক্ষ উদাহৰণ পোৱা যায়৷ উদাহৰণস্বৰূপে ৰাজনৈতিক নেতা-পালিনেতা, বিষয়া-কৰ্মচাৰী, পুলিচ, ব্যৱসায়ী, সাংবাদিক ইত্যাদি আনকি দুঃখজনকভাৱে চিকিৎসক, শিক্ষক বা ধৰ্মীয় কাণ্ডাৰীৰ মাজতো এয়া পৰিলক্ষিত হয়৷ চৰিত্ৰ গঠন নোহোৱা ব্যক্তিৰ জীৱনত সদায় দুষ্ট ৰিপুবোৰে সক্ৰিয় ভূমিকা পালন কৰে যাৰ ফলত উত্তম ৰিপুবোৰ দমিত হৈ থাকে৷ কেইটামান কথা মন কৰিলেই এই কথাটো বুজিব পাৰি–এজনে আনজনৰ প্ৰতি অন্যায় আচৰণ কৰে কিয়? মিত্ৰই কেতিয়াবা শত্ৰুলৈ পৰিণত হয় কিয়? উপযুক্ত পাৰিশ্ৰমিকৰ উপৰিও পাৰিতোষিক লোৱা হয় কিয়? মিছা কথা কোৱা হয় কিয়? হিংসা-দ্বেষ কৰে কিয়? দূৰ্নীতিগ্ৰস্ত বা ভ্ৰষ্টাচাৰী হয় কিয়? সন্ত্ৰাসবাদী হয় কিয়? এখন দেশে আন এখন দেশৰ কল্যাণ নিবিচাৰে কিয়? পাৰিবাৰিক অশান্তিৰ কাৰণ কি? আইন উলংঘা কৰা হয় কিয়?–ইত্যাদি প্ৰশ্নবোৰ ভালকৈ দৃষ্টিগোচৰ কৰিলে দেখা যায় প্ৰতিটো নঞাৰ্থক হেতুৰ ক্ষেত্ৰতেই লোভ, মোহ, ভয়, প্ৰলোভন, ঈৰ্ষা, হিংসা আদি দুষ্ট ৰিপুবোৰেই মূল কাৰণ ৰূপে দেখা দিব৷ সেয়ে নিশ্চিতভাৱে ক’ব পাৰি এই দুষ্ট ৰিপুবোৰেই সমাগত সমাজৰ প্ৰায়বোৰ ধবংস আৰু বিনাশৰ মূল৷ দুষ্ট ৰিপুবিলাকক যেতিয়ালৈকে মানুহে হূদয়েৰে জয় কৰিব নোৱাৰিব, দমন কৰিব নোৱাৰিব, তেতিয়ালৈকে সেইবোৰে সদায়েই মানৱ সমাজক দমন কৰি থাকিব৷ দুষ্ট ৰিপুবিলাকৰ বলিস্থ স্থিতি বহিৰ্জগতত দৃষ্টিগোচৰ হোৱাৰ দৰে অন্তৰ্জগততো অনুভূত হয়৷ লোকভয়, ৰাজভয়, নিৰাপত্তাজনিত ভয় আদিবোৰ যেনেদৰে সমাজত বৰ্তি আছে, তেনেদৰে সমান্তৰালভাৱে বৰ্তি আছে কামনা-বাসনাজনিত ভয়ো৷ বহিৰ্জগত আৰু অন্তৰ্জগতৰ এই দুষ্ট ৰিপুবোৰৰ বিৰুদ্ধে বিজয়ী হ’বলৈ চেষ্টা কৰাটোৱেই চৰিত্ৰ গঠনৰ মূলকথা৷
‘মানুহ গঢ়া’ৰ প্ৰকৃত অৰ্থ হৈছে ব্যক্তিত্ব বিকাশ আৰু চৰিত্ৰ গঠন৷ চৰিত্ৰৱান কোনো এজন মানুহে ঘৰত নিত্য কাজ-কৰ্মখিনি কৰিয়েই সাধাৰণভাৱে জীৱন যাপন কৰিব পাৰে৷ সমাজত এনেকুৱা সাধাৰণ মানুহ অসংখ্য আছে৷ কিন্তু এনেকুৱা চৰিত্ৰৱান মানুহৰ আচলতে সমাজত বাস্তৱ ৰূপত কোনো মূল্য নাই৷ কিয়নো তেনে চৰিত্ৰৱান মানুহৰ পৰা সমাজৰ একো উপকাৰ সাধন নহয়৷ মূল্য থাকিলেহেঁতেন তেতিয়াহে, যেতিয়া তেওঁলোকে নিজৰ চৰিত্ৰ গঠনৰ লগতে সেই বিশেষ গুণক সমাজত ক্ৰিয়াশীল কৰি তোলাৰ চেষ্টা কৰিলেহেঁতেন৷ ক্ৰিয়াশীল চাৰিত্ৰিক ব্যক্তিত্ব বিকাশেই আচলতে ‘মানুহ গঢ়া’ৰ প্ৰকৃত অৰ্থ৷ ‘ব্যক্তিত্ব বিকাশ’ আৰু ‘চৰিত্ৰ গঠন’ এই দুয়োটা গুণৰ সমন্বয়তেই সৃষ্টি হয় ‘পূৰ্ণাঙ্গ ব্যক্তিত্ব’ৰ৷
প্ৰত্যাহিক জীৱনত বন্ধু-বান্ধবী, আত্মীয়-স্বজনৰ মাজত এনেকুৱা অসংখ্য ব্যক্তি দৃষ্টিগোচৰ হয় যিবিলাকে গোটেই জীৱন সততা আৰু প্ৰলোভনহীন ভাবেৰেই অতিবাহিত কৰিছে, অথচ সামাজিক বা ৰাজনৈতিক দূৰ্নীতি, ভ্ৰষ্টাচাৰ, অনাচাৰ আদি দূৰ কৰিবলৈ তেওঁলোকে কেতিয়াও আগবাঢ়ি অহা দেখা নাযায় বা চেষ্টাও নকৰে৷ শিক্ষক, অধ্যাপক, গৃহিণী আদিসকলৰ ভিতৰত এনেকুৱা ব্যক্তিত্বৰ পয়োভৰ সাধাৰণতে বেছিকৈ দেখা যায়৷ সমাজ আৰু ব্যক্তিজীৱনত এইবোৰ চৰিত্ৰ অতি ভাল আৰু উদাৰ হ’ব পাৰে, কিন্তু নিৰপেক্ষ আৰু সঁচা অৰ্থত এনে লোকসকলৰ ব্যক্তিত্ব বিকাশ আচলতে হোৱা বুলিব নোৱাৰি৷
আত্মবিশ্বাসহীন মানুহে বৰ্তমান সমাজত ব্যক্তিত্বসম্পন্ন আৰু প্ৰকৃত মানৱীয়গুণেৰে ভৰপূৰ মানুহ গঢ় লোৱাটো অসম্ভৱ বুলিয়েই ভাবে৷ সুন্দৰ সমাজ ব্যৱস্থাত যেনেদৰে ভাল হৈ উঠিব পাৰি, তেনেদৰে প্ৰতিকূল পৰিৱেশৰ মাজতো ভাল মানুহ হৈ গঢ় ল’ব পৰাতহে প্ৰকৃত মানৱীয় শক্তিৰ পৰিচয় পোৱা যায়৷ অসমৰ পঞ্চদশ-ষষ্ঠদশ শতিকাৰ সময়ছোৱাত বা পৰাধীন ভাৰতবৰ্ষত বৰ্তমানৰ তুলনাত বহু বেছি বেয়া সামাজিক পৰিস্থিতি আছিল, অথচ তেনেকুৱা পৰিস্থিতিতো ভাল আৰু সফল মানুহ গঢ় লৈ উঠা দেখা গৈছে৷ শংকৰদেৱ, মাধৱদেৱ, মহাত্মা গান্ধী আদি বিখ্যাত ব্যক্তিত্বৰ গৰাকীসকলেই ইয়াৰ প্ৰমাণ৷ বৰ্তমান সমাজ-ব্যৱস্থাত সকলো মানুহেই যে দূৰ্বল চৰিত্ৰৰ সেই কথাটো ক’বলৈ বিচৰা হোৱা নাই, ক’বলৈ বিচৰা হৈছে সমাজ ব্যৱস্থাৰ দোহাই দি চকু মুদি থকা কথাটোহে৷
সামাজিক আৰু ব্যক্তিগত–দুয়োটাই ব্যক্তিত্বৰ সত্ত্বা৷ এই দুয়োটাৰ সমন্বয়তেই ব্যক্তিৰ ব্যক্তিত্ব বিকাশ হয়৷ ব্যক্তিৰ ওপৰত যেনেদৰে সমাজৰ প্ৰভাৱ পৰে, তদ্ৰুপ সমাজৰ ক্ষেত্ৰতো ব্যক্তি মানসিকতাৰ ছাপ দেখা যায়৷ ইয়েই ব্যক্তিৰ
সমাজিক সত্ত্বা৷ সমাজে যেনেদৰে ব্যক্তিৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে, তেনেদৰে সেই ব্যক্তিয়েই সমাজৰ প্ৰভাৱক অতিক্ৰম কৰি স্বকীয় বৈশিষ্ট্য প্ৰকাশ কৰে৷ যিজনৰ মানসিক শক্তি বেছি শক্তিশালী, তেওঁৰ মাজত সামাজিক সত্ত্বাতকৈও
স্বকীয় সত্তাহে বেছি কাৰ্যকৰি হৈ উঠে৷
আধুনিক সমাজ ব্যৱস্থাত মানুহৰ মনত দুৰ্বলতাই ব্যাপক ৰূপত গঢ় লৈ উঠিছে৷ যাৰ পৰিণতি সমাজৰ সৰ্বস্তৰতে দেখা যায়৷ সাহিত্য, সংস্কৃতি, ৰাজনীতি, সংবাদ মাধ্যম আদি সকলোবোৰেই মুষ্টিমেয় কিছুমান ব্যক্তিৰ কৰতলগত৷ সকলোতে এক অন্ধ আনুগত্য প্ৰৱণতা গঢ়ি উঠিছে, য’ত স্বাধীন চিন্তাৰ অৱকাশ নিচেই কম যেন অনুমান হয়৷
সমাজ মানসিকতা, জাতীয় বৈশিষ্ট্য, সামাজিক স্তৰবিন্যাস, সমাজৰ মূল পৰিচালিকা শক্তি, গণচেতনাৰ স্তৰ, অন্য জাতিৰ প্ৰতি মনোভাব ইত্যাদি বিষয়বোৰ বিশ্লেষণ আৰু পৰ্যালোচনা কৰি সমাজত তুলি ধৰিবলৈ আমি প্ৰয়াস কৰিব লাগিব৷ সমাজৰ বিভিন্ন সমস্যাবোৰ বিচাৰ-বিশ্লেষণ কৰাৰ কাৰণে সমাজত কোনটো শক্তিয়ে কিদৰে সমস্যাৰ সৃষ্টি কৰিছে, বৃহত্তৰ সামাজিক পৰিধিক বাদ দি ব্যক্তিস্তৰত মানুহৰ বৈশিষ্ট্য কেনে ধৰণৰ, ব্যক্তি আৰু সমাজৰ পাৰস্পৰিক সম্পৰ্ক কোন স্তৰত কি আকাৰত আছে–ইত্যাদি দিশবোৰৰ পুংখানুপুংখ আলোচনা-পৰ্যালোচনা, যুক্তি-তৰ্কৰ জৰিয়তেহে বুজিব পৰা যায় যে বৰ্তমান সমাজৰ সংকটৰ মূল কেন্দ্ৰবিন্দু কি৷ নিঃসন্দেহে সমাজৰ সকলো মানুহেই শান্তি বিচাৰে, কিন্তু বেলেগ বেলেগ ৰূপত৷ ইতিহাসলৈ চকু দিলেই বুজা যায় যুগ যুগ ধৰি মানুহে চেষ্টা কৰিছে স্বাধীনতাৰ কাৰণে৷ স্বাধীনতাৰ তৃষ্ণাই মানুহৰ সকলো কামনা-বাসনা আৰু কৰ্মৰ মূল৷ স্বাধীনতাৰ কামনাই মানুহৰ চিৰন্তন সংগীত৷ মানুহে বহিঃৰ্জগতৰ বিভিন্ন বন্ধনৰ লগতে অন্তঃৰ্জগতৰ দ্বন্দ্বময় অৱস্থাৰ পৰাও স্বাধীনতা বিচাৰে৷ এই স্বাধীনতা বা মুক্তিৰ পথেৰেই পূৰ্ণতা পোৱা যায় বুলি ভবা হয়৷ স্বাধীনতা প্ৰাপ্তিৰ বিষয়ে ভিন্নজনৰ ভিন্ন ধাৰণা দেখা যায়৷ আদিম মানুহ আৰু আধুনিক মানুহৰ ধাৰণাও এই বিষয়ে একে হোৱা দেখা নাযায়৷ তথাপিও মূল শক্তি হিচাপে এই স্বাধীনতাৰ স্পৃহাই সকলো চিন্তা আৰু কৰ্মৰ নিয়ামক৷ ইয়াৰ লগতে মানুহে সকলো বস্তুৰ মাজত বিচাৰে কাৰ্যকৰণ বিধি৷ এই বিধিয়ে মানুহক বিচৰণশীল কৰিছে, মনত যুক্তিৰ ভিত্তি স্থাপন কৰিছে৷
মানৱ সমাজক আজিকালি বহু পৰিমাণে দিক্‌ভ্ৰান্ত কৰিবলৈ লৈছে ‘আধুনীকতাই’৷ আধুনীকতাৰ স্বাৰ্থই৷ এই স্বাৰ্থই এই গতিয়ে বঢ়াই তুলিছে মানুহৰ মানসিক অস্থিৰতা৷ মানুহৰ চিন্তা-ভাবনাত, সামাজিক-ৰাজনৈতিক ক্ৰিয়াকলাপত ‘সাময়িকতা’ই প্ৰধান কাৰক হৈ দেখা দিছে৷ নিজৰ চৰিত্ৰ, ভাষা-সংস্কৃতিক জলাঞ্জলি দি আধুনিকতাৰ প্ৰতি আমি অন্ধভাৱেই আকৰ্ষিত হৈ পৰিছোঁ৷ অথচ আধুনিকতা এটা ক্ষণিক উপলব্ধিহে মাথোন৷ ইয়াৰ প্ৰকৃত ৰূপটো সদায় পৰিৱৰ্তনশীল৷ এই মুহূৰ্তত যিটো আধুনিক ৰূপে পৰিগণিত হয়, পৰৱৰ্তী মুহূৰ্ততে সেইটোৱেই আকৌ পুৰণি হিচাপে বিবেচিত হয়৷ তেনেদৰে মানুহৰ চিন্তাধাৰাৰ ক্ষেত্ৰটো কথাটো একেই৷ চৰিত্ৰ গঠনৰ ক্ষেত্ৰত আধুনিকতা এক কাৰকহে, কিন্তু অপ্ৰতিৰোধ্য বাধা নহয়৷ চৰিত্ৰ গঠনেৰে মানৱীয় প্ৰমূল্যবোধক জীয়াই ৰাখি মানৱ সমাজ ভবিষ্যতলৈ আগবাঢ়িব লাগিব৷ কিয়নো মানৱ সমাজ আধুনিকতাৰ মাজেৰেই সদায় আগবাঢ়ে৷
শেষত এটা উপলব্ধিৰে মোখনি মাৰিব বিচাৰিছোঁ–কিছুদিন আগতে এটা টেলিভিচন চেনেলত এক মনোমোহা দৃশ্য দেখি নিজৰ চকুহালকে বিশ্বাস কৰিব নোৱাৰি¸ হতবাক হৈ পৰিছিলোঁ৷ বিশালকায় কেইটামান বাঘৰ মাজত কেইজনমান মানুহে একেলগে লুটি-বাগৰি খেলা-ধূলা কৰি আছে৷ জানিব পাৰিলোঁ সেই বাঘকেইটাই হেনো কেতিয়াও মাংস ভক্ষণ কৰি পোৱা নাই৷ গাখীৰ আৰু সাধাৰণ খাদ্য খাইহে ডাঙৰ-দীঘল হৈছে৷ বাঘকেইটা হেনো পোহনীয়া৷ দৃশ্যটো দেখি প্ৰথমতে বৰ লাজ পালোঁ৷ মানৱ হৈও আমাৰ চৰিত্ৰত মানৱীয় গুণবোৰ লাহেলাহে লোপ পাইছে, অথচ অতি হিংস্ৰ পশুবোৰেও নিজৰ পাশৱিক গুণ এৰি মানৱীয় গুণৰ অধিকাৰী হৈ পৰিছে৷ এনে আত্মিক বোধ হৈছে এতিয়া ‘পাশৱিক’ বুলিলেও যেন পশুজাতিক অপমান কৰাহে হ’ব৷ ‘পাশৱিক’ আৰু ‘মানৱিক’ দুয়োটা শব্দৰে এতিয়া যেন অৰ্থান্তৰ ঘটিছে৷ এয়াই ব্যক্তিত্ব বিকাশ আৰু চৰিত্ৰ গঠনৰ প্ৰকৃত স্বৰূপ ৷

 

About the Author :

ড॰ হেমন্ত ডেকা
শ্ৰী নগৰ, নলিনী বালা দেৱী পথ, ঘৰ নং ৬, দিছপুৰ, গুৱাহাটী

Share This :