লক্ষ্মীনাথ বেজবৰুৱাৰ সৃষ্টিত বিহু আৰু…

‘‘Attended by numbers of dancing girls, who pause from time to time to exhibit their wanton movements, and charm the audience with lascivious songs…’’– প্ৰসিদ্ধ ইংৰাজ সাহিত্যিক ৰবিনছনে তাহানিতে, ১৮৪১ চনত প্ৰকাশ পোৱা ‘‘A Descriptive Account of Assam’’ গ্ৰন্থত বিহুনাম আৰু বিহুনাচক যৌন আবেগ-উদ্দীপক, উচ্ছৃংখল, অসংযত আদি বুলি ককৰ্থনা কৰিছিল৷ অসমীয়া সাহিত্যৰ ইতিহাসে ক’ব খোজে যে ঊনবিংশ শতাব্দীৰ গোটাচেৰেক অসমীয়া জাতীয় সত্বাৰ প্ৰকাশক ৰঙালী বিহুক চোকা ভাষাৰে সমালোচনা কৰিছিল৷ ইয়াৰ বিপৰীতে লক্ষ্মীনাথ বেজবৰুৱা পিছে আছিল সমসাময়িক পৰৰ ‘বিহুভক্ত’ সাহিত্যিক৷ এচাম পণ্ডিতে বিহুৰ বিৰুদ্ধে কলম নিগৰোৱাৰ পৰতে তেওঁ যেন নিজৰ সাহিত্যত সদম্ভে ঘোষণা কৰিছিল–‘বিহু আমাৰ ৰাজহাড়, ই আমাৰ একান্ত আপোন সত্বা…৷’ বেজবৰুৱাতো ৰসৰ বৰপেৰা/ সেয়ে তেওঁলৈ উপমা–‘ৰসৰাজ’৷ সেয়েই হয়তো বেজবৰুৱাই ৰসাল কথাৰে বিহুৰ প্ৰতি সমৰ্থন জনোৱাৰ উপৰি বিহুবিদ্বেষীক সমালোচনা কৰি কলম নিগৰাইছিল৷
‘বিহু খাই আহিলি ঐ…৷ বিহুৱা চৰাই তই৷’–১৯১৪ চনত ‘বাঁহী’ত লক্ষ্মীনাথ বেজবৰুৱাই কৃপাবৰ বৰবৰুৱা ছদ্ম নামেৰে লিখা ‘বৰবৰুৱাৰ বিহুনাম’ শীৰ্ষক ৰচনাত এইদৰে লিখাৰ উপৰি একেখন আলোচনীৰ পাততে একেটা ছদ্মনামেৰে তেওঁ ১৯১২-১৩ চন অৰ্থাৎ ১৮৩৪ শকত লিখিছিল এনেদৰে–
‘‘একোবাৰ ভাবো যে ৰুদ্ৰমূৰ্তি ধৰোঁ আৰু কৃষক চিন্তি পৰশুৰাম কুণ্ডটোক খুবলি কৰোঁ, ব্ৰহ্মপুত্ৰক ঢেঁকী কৰোঁ, হাতীমূৰা পৰ্বতটো আৰু কামাখ্যা পৰ্বত এই দুটাক কটৰা কৰোঁ, মৰোঁ-জীও-সোঁ-আধি কৰি আৰু ৰাম বুলিয়া একো এটা বিচাৰি নাপালে যোৰহাট ষ্টেট ৰেলৱেখনকে গৱৰ্ণমেণ্টক খুজি-মাগি লৈ ঢেঁকীথোৰা কৰি লৈ অসমীয়াখনক অসমখনেৰে সৈতে একেলগে এখুবলিকৈ খুন্দি সান্দহগুৰি কৰি দেৰগঞা কেৰিগুড় গোটাচেৰেক কিনি আনি সানি নিজেই বিহু খাই থওঁ৷… তোমালোকে বৰবৰুৱাক যিহকে কৰা, বৰবৰুৱাই তোমালোকক বৰ ভাল পায়…৷’’ বিহুনাম আৰু বিহু নাচক অশ্লীল বোলাসকলৰ মুখত চূন দিবলৈ তেওঁ ‘বৰবৰুৱাই কিন্তু বিহুৰ অসইভ গীত গাই অসইত হৈয়েই চলিব খুজিছে’ বুলিলেও লিখি নোথোৱা নহয়৷ ৰসৰাজে ‘বাঁহী’ৰ পাতত ‘বৰবৰুৱাৰ বিহুনাম’ নামৰ ৰচনালানি লিখাৰ ঠিক পিছতে তেওঁৰ অন্তৰংগ বন্ধু প্ৰিয়দৰ্শন শৰ্মাই বেজবৰুৱাক ‘ৰাইজে হাঁহিব’ বুলি ঠাট্টা কৰাত তেওঁ হেনো প্ৰত্যুত্তৰত ‘বিহুৱে কাকো দুখ নিদিয়ে, সকলোকে ৰং দিয়ে’ বুলিহে কৈছিল৷ আন এক সময়ত ‘বিহুগীত অশ্লীল নহয়নে’ বুলি কৰা প্ৰিয়দৰ্শনৰ প্ৰশ্নৰ উত্তৰত কৃপাবৰ বৰবৰুৱাই লিখিছিল– ‘সৰু মানুহে গোৱা বিহুৰ নামো আটাইবোৰ অশ্লীল নহয়৷ তাৰ সৰহভাগ জাতীয় স্বভাৱ কবিৰ এনে সুন্দৰ কবিতা যে তাৰ তুলনা নাই৷’ সঁচাকৈয়ে, বিহুগীত যেন কোনো অনাখৰী জাতীয় কবিৰ বিৰল কাব্য চেতনা৷ বেজবৰুৱাই সেয়া সঠিকভাৱেই হয়তো উপলব্ধি কৰিছিল৷ পিঠাইহে পিঠাৰ মোল বুজে !!
আমাৰ জাতীয় সত্বাৰ বাহক বিহুটিৰ প্ৰতি লক্ষ্মীনাথ বেজবৰুৱা কোনোকালে উদাসীন নাছিল৷ ইয়াৰ পৰিৱৰ্তে আমাৰ বিহুৰ প্ৰতি তেওঁৰ আছিল অগাধ শ্ৰদ্ধা, ভালপোৱা৷ বিদ্বেষ আছিল বিহুবিদ্বেষীসকলৰ প্ৰতিহে৷ তাৰ প্ৰমাণ পোৱা যায় লক্ষ্মীনাথ বেজবৰুৱাই কৃপানাথ বৰবৰুৱা ছদ্মনামেৰে লিখা বহু অমূল্য সাহিত্য সম্ভাৰত৷ তৃতীয় বছৰ ষষ্ঠ সংখ্যা ‘বাঁহী’ত প্ৰকাশ পোৱা বিহু সম্পৰ্কীয় কাৰ্টুন এটাৰ তলত বেজবৰুৱাই ‘বিদ্যাদিগগজ পণ্ডিতে বিহুৰ নাচ বৰ নিলাজ বুলি কৈ বিহুৱাক নাচিবলৈ হাক দিয়ে৷ নাঙলু বোলা এটা চৰিত্ৰই আকৌ বিহুৱাক টোকানেৰে মৰিয়াব খোজে৷’ বুলি টিপ্পনী লিখিছিল৷ ‘বাঁহী’ত কৃপাবৰ বৰবৰুৱা নামেৰে লিখা আন এখন ৰচনাত বেজবৰুৱাই দুগৰাকী বিয়া পতা এজন লোকক বৰগৰাকীয়ে ‘‘অসমীয়া বিহুটো বৰ বেয়া৷ গীতবোৰো সিহঁতে কিবা নিলাজ গায়৷ আপুনি কিন্তু বিহুলৈ নেযাবদেই৷’’ বুলি উপদেশ দিয়াত সৰুজনীয়ে জাঙুৰ খাই ‘‘আপোনাসকল চহৰীয়া মানুহকেইটাই গোটেই অসম দেশখন নহয়৷’’ বুলি বিহুৰ সপক্ষে মাত মতা হিচাপত লিখিছিল৷ ইয়াৰ দ্বাৰা তেওঁ আমাৰ এচামৰ বিহুবিদ্বেষৰ পৰতো আন এচামৰ মনত থকা বিহুপ্ৰীতিৰ বহিঃপ্ৰকাশ ঘটাইছিল বুলি ক’লেও হয়তোবা অত্যুক্তি কৰা নহ’ব৷
নিজৰ ‘বিহু’ শীৰ্ষক গল্পটোত লক্ষ্মীনাথ বেজবৰুৱাই বিহুৰ সপক্ষে বহু লিখি থৈছে৷ তেওঁৰ মতে আনৰ বস্তুৰ প্ৰতি আগ্ৰহ আৰু নিজৰখিনিৰ প্ৰতি অনীহাৰ বাবে আমাৰ এচামে বিহুক ইতৰ লোকৰ উছৱ বুলিব খোজে৷ ৰসৰাজে ‘বিহু’ নামৰ গল্পটিত লিখা কেইটামান শাৰীত এই কথা ফুটি উঠিছে এনেদৰে– ‘‘আপোনালোকে ইংৰাজী পঢ়ি, ইংৰাজী সভ্যতা শিকি তাকে ভাল বুলি সাৰোগত কৰি লৈছে, সেইদেখি চাহাব-চাহাবনীয়ে নাচিলে আপোনালোকে বেয়া নেদেখে৷ বিলাতৰ ফালৰ কতৰকম নিলাজ নাচক আপোনালোকে শিক্ষাৰ গুণত নিলাজ বুলি ভাবিবকে নোৱাৰে, কিন্তু আমাৰ সাতামপুৰুষীয়া বিহুৰ নাচফেৰা আপোনালোকৰ চকুৰ কূটা, দাঁতৰ শাল৷’’
বিহু সম্পৰ্কে বহু লিখিছিল বেজবৰুৱাই৷ কেতিয়াবা যদি কৃপাবৰ বৰবৰুৱা হিচাপে, কেতিয়াবা আকৌ নিজৰ নাম লক্ষ্মীনাথ বেজবৰুৱাৰে৷ গাঁৱত বাস কৰা লোকৰ কৃষিভিত্তিক-জীৱনমুখী উছৱ হিচাপে অভিহিত কৰাৰ উপৰি ৰঙালী বিহুক বেজবৰুৱাই ‘জনজীৱনৰ একোটা দিশৰ নান্দনিক প্ৰকাশ’ বুলিও কৈছে৷ শেষত বিহু প্ৰসংগত উল্লেখৰ প্ৰয়োজন অনুভৱ কৰিছোঁ লক্ষ্মীনাথ বেজবৰুৱাই লিখি থোৱা আন এক তথ্য৷ তেওঁ লিখিছিল যে– ‘‘প্ৰাচীন কালৰ শাস্ত্ৰসন্মত বিষু, বিহু নামে প্ৰচলিত৷ ই ইতৰ লোকৰ উৎসৱ নহয়, বৰঞ্চ শাস্ত্ৰসন্মত উৎসৱহে৷’’

 

 

About the Author ::

নীলিম আকাশ কাশ্যপ

Share This :