স্মাৰ্টফোন, শিশু আৰু ল’বলগীয়া সাৱধানতা

আজিৰ এই ব্যস্ত সমাজখনত স্মাৰ্ট ফোনটো আমাৰ দেহৰ এটা অংগ যেন হৈ পৰিছে । কাৰণ স্মাৰ্ট ফোন এটা হাতত নোহোৱাকৈ যেন আমাৰ দৈনন্দিন জীৱনটো অচল হৈ পৰিব । এটা স্মাৰ্টফোন আৰু ইণ্টাৰনেটৰ মাধ্যমেৰে যেন আপুনি এই বিশাল পৃথিৱীখনক তেনেই সৰু কৰি পেলাইছে । আপোনাৰ দৈনন্দিন লাগতিয়াল কামবোৰ যেন অতি কম সময়ৰ ভিতৰতে সহজে সম্পূৰ্ণ হৈ উঠিছে কেৱল এই স্মাৰ্টফোনটোৰ মাধ্যমেৰে । স্মাৰ্টফোনটোৰ ধনাত্মক দিশবোৰৰ কথাকৈ শেষ কৰিব নোৱাৰি । কাৰণ আপোনালোকে নিশ্চয় ভালকৈ বুজিব পাৰে ।
আজি কিছুমান দৰকাৰী কথা আলোচনা কৰিম স্মাৰ্টফোনৰ ঋণাত্মক দিশৰ বিষয়ে । বিশেষকৈ আপুনি আপোনাৰ শিশুটিক যদি স্মাৰ্টফোনৰ লগত চিনাকি কৰাই দিছে , তেন্তে আপুনি কিছুমান কথা সদায় মনত ৰখা উচিত বুলি মই ভাবো ।
স্মাৰ্টফোনৰ মাধ্যমেৰে আপোনাৰ জীৱনত হ’বলগীয়া আটাইতকৈ ভয়াৱহ কামটোৱে হৈছে Online scam বা Online Fraud । আজিৰ যুগত প্ৰতি দহজন স্মাৰ্টফোন ব্যৱহাৰকাৰীৰ পাঁচজনেই চিকাৰ হৈ পৰে Online Fraud ৰ । বিভিন্ন ধৰণে fraudster বোৰে নিমিষতে আপোনাৰ কষ্টৰ উপাৰ্জন ছেকেণ্ডৰ ভিতৰত নোহোৱা কৰি পেলাব পাৰে । বাতৰিকাকত , টিভি , ৰেডিঅ’ আনকি বেংকবোৰৰ পৰা সদায় আপোনাক সজাগ কৰি দি থকা হয় যেন আপুনি আপোনাৰ গোপন তথ্য যেনে বেংক একাউণ্ট নম্বৰ , ডেবিট/ ক্ৰেডিট কাৰ্ডৰ পিন, চিভিভি , অ’তিপি , পাছৱৰ্ড ইত্যাদি কাৰো লগত শ্বেয়াৰ নকৰে । কিন্তু সাৱধানতা কেৱল এইখিনিতে সীমাৱদ্ধ হৈ থকা নাই । বিশেষকৈ শিশু বা সৰু ল’ৰা-ছোৱালীক যদি স্মাৰ্টফোন হাতত তুলি দিছে তেন্তে আপুনি কিছুমান কথা সদায় মনত ৰখাটো উচিত । আপোনাৰ ল’ৰা-ছোৱালীয়ে ম’বাইলত কেনেকুৱা App (Application) ইনষ্টল কৰিছে । আপোনাৰ স্মাৰ্টফোনটোৰ মেছেজ, ই-মেইল, লোকেছন ইত্যাদিৰ পাৰমিছন দিছে নেকি । কাৰণ সৰু ল’ৰা-ছোৱালীয়ে খেলা বেছিভাগ ম’বাইল গেম Application ইণ্টাৰনেটৰ জৰিয়তেহে খেলিব লগা হয় । এনেকুৱা Application বোৰে সাধাৰণতে আপোনাৰ ম’বাইলৰ সকলো গোপন তথ্য যেনে আপোনাৰ বেংক ট্ৰেনজেকছন, অ’টিপি, ডেবিট/ক্ৰেডিট কাৰ্ডৰ পিন আপোনাৰ অজ্ঞাতে সংগ্ৰহ কৰি লয় । সেইকাৰণে তলৰ কথাবোৰ ভালকৈ বুজি ল’ব চেষ্টা কৰক ।
১) আপুনি আপোনাৰ ব্যক্তিগত স্মাৰ্টফোনটো কেতিয়াও যেন ল’ৰা-ছোৱালীক ব্যৱহাৰ কৰিব নিদিয়ে ।
২) ঘৰৰ পুৰণি স্মাৰ্টফোন বা কম দামৰ নতুন ম’বাইল এটি কিনি দিয়ক । ৮/১৬ জিবি Storage তকৈ বেছি Storage ৰ ম’বাইল নিদিব ।
৩) স্মাৰ্টফোনত এটি সুকীয়া ই-মেইল আইডিৰে লগ-ইন কৰক, যি আইডিটো আপুনি অন্য কোনো কামত ব্যৱহাৰ নকৰে যেন ।
৪) যিবোৰ Application য়ে আপোনাৰ মোবাইলৰ ই-মেইল, লোকেছন , মেছেজ, ফোনবুক আদিৰ তথ্য বিচাৰে, সেইবোৰ ততালিকে Unistall কৰক ।
৫) গুগ’ল প্লেষ্ট’ৰ বা এপ ষ্ট’ৰ ৰ স্ংযোজন নথকা Third Party App যেনে APK file, এনেকুৱা এপবোৰ ডাউনলোড নকৰিব আৰু ৰিমোট এক্সেছ ( Remote Acess ) কাকো নিদিব ।

About the Author :
সিদ্ধাৰ্থ দাস
গুৰুগ্ৰাম, হাৰিয়ানা

Share This :