বিহু উৰুকা ৰাতি হ’ল অন্তৰ্ধান,
কেতেকী চৰায়ে কৰে পুৱতীয়া গান৷
দীঘলতি এছাৰিৰে ধৰা হাতে হাতে
ল’ৰা বুঢ়া খেদে গৰু ধুৱাবলৈ ঘাটে৷
– কমলাকান্ত ভট্টাচাৰ্য
উপক্ৰমণিকা :
ভাৰত এখন খেতি-খোলা প্ৰধান দেশ৷ দেশৰ ৬০ শতাংশ ভূমি এতিয়াও কৃষি কাৰ্যত লিপ্ত৷ ইয়াত চহোঁতা এজনৰ বিদগদ অৱদান সন্নিবিষ্ট হৈ থাকে৷ বসন্তৰ আগমনৰ লগে-লগে অসমত ব’হাগৰ আগমন হয় আৰু নৱান্ন-উৎসৱৰ লগতে বতাহত ব’হাগৰ উমাল নিহালীয়ে সমগ্ৰ দেশবাসীক আলিংগন কৰে৷ বিহু তিনি প্ৰকাৰৰ–ব’হাগ বিহু, কাতি বিহু আৰু মাঘ বিহু৷
ব’হাগ বিহু :
ৰাজ্য বিশেষে ইয়াৰ বৈশিষ্ট্য আৰু নাম বিবিধ প্ৰকাৰৰ৷ ব’হাগ বিহুক ৰঙালী বিহু বুলিও জনা যায়৷ ই দুই তৰহৰ৷ প্ৰথম বিহুক গৰু বিহু বুলি জনাজাত৷ ইয়াক মানুহ বিহুৰ আগদিনাখন পালন কৰা হয়৷ গৰু বিহুৰ ৰাতিপুৱা গৰুটোক মাহ-হালধিৰ লেপ লগাই পুখুৰীত গা ধুওৱা হয়৷ তাৰ পিছে-পিছে দীঘলতী আৰু মাখিয়তী পাতেৰে গৰু কেইটাক কোবোৱা হয় আৰু লাউ, বেঙেনা খাবলৈ দি নৱ এৰালেৰে তাক বন্ধা হয়৷ এই পৰ্ব গৰুকেইটাৰ মংগল কামনাৰ্থে কৰা যায় আৰু উক্ত পংক্তি কেইশাৰী অসমবাসীয়ে উলহ-মালহেৰে গায়৷
লাউ খা, বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা৷
মাৰ সৰু, বাপেৰ সৰু, তই হ’বি বৰ বৰ গৰু৷৷
গধূলি ধূপ, ধূনা, খেৰ আদি সমুহীয়াকৈ জ্বলাই দি তাৰ ধোঁৱা গৰুৰ আগত বিচনীৰে বিচি দিয়া হয়৷ লক্ষণীয় যে এই প্ৰথাৰ পিছৰ পৰাহে বিচনীৰ ব্যৱহাৰ আৰম্ভ হোৱা বুলি জনাজাত৷
আতিকৈ চেনেহৰ মুগাৰে মহুৰা
তাতোকৈ চেনেহৰ মাকো৷
তাতোকৈ চেনেহৰ ব’হাগৰ বিহুটি
নেপাতি কেনেকৈ থাকোঁ৷৷
গৰু বিহুৰ পিছদিনাখন মানুহ বিহু বুলি প্ৰসিদ্ধ৷ ইয়াৰ পৰাৎপৰ স্বকীয়তাসমূহ সুকীয়া৷ আগবেলা গা ধুই ঘৰৰ সৰুবোৰে ককাদেউতা, আইতা আৰু আদ-বয়সীয়াসকলৰ পৰা আশীৰ্বাদ লয়৷ উৎসৱ হিচাপে জ্যেষ্ঠবোৰে উপহাৰ হিচাপে ন-বোৱা গামোচা, গেঞ্জী, ৰুমাল, লগুণ আদি দিয়ে৷ প্ৰাতৰাশত দৈ, চিৰা, গুৰ, ক্ৰিম, পিঠা, লাৰু আদি গ্ৰহণ কৰা যায়৷ তদুপলক্ষে বিহুৰ আখৰা গৰু বিহুৰ আবেলিৰ পৰাই কৰা হয় আৰু বিভিন্ন খেল-ধেমালি অনুষ্ঠান আয়োজন কৰা হয়৷ মুকলি বিহুৰ সমাৱেশ অতিকৈ মোহনীয়৷ ইয়াত ডেকা আৰু গাভৰুসকলে লগে-ভাগে বিহুগীত, হুঁচৰি গায়৷ আধুনিকতাৰ স্পৰ্শ হিচাপে সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত কৰা হয়, য’ত প্ৰসিদ্ধ শিল্পীসকলে অনুষ্ঠানত অংশগ্ৰহণ কৰে৷ সেইকাৰণে ব’হাগ বিহু অথবা ৰঙালী বিহু বাপোতি সাহোন হিচাপে খ্যাতিমন্ত৷
তাঁতশালৰ শিপিনীৰ মন উগুল-থুগুল, থৌকিবাথৌ হিয়া৷
মৰমেৰে বুৱা ব’গা গামোচা আমাকো এখন দিয়া৷৷
–কুমাৰ কৃষ্ণ শৰ্মা
কাতি বিহু :
কাতি বিহুৰ অন্য এক নাম হ’ল কঙালী৷ কাৰণ এই সময়ত ভঁৰালত ধানৰ যুগুতা প্ৰায় শেষ হোৱা অৱস্থাত থাকে৷ এই বিহুত মুখ্যতঃ ঘৰৰ সদস্যসৱে তুলসীৰ গুৰিত চাঁকি জ্বলাই সেৱা জনায়৷ তদুপৰি খেতিপথাৰতো ওখকৈ বাঁহৰ খুটি এডালত বন্তি জ্বলাই উপাসনা কৰে, যাতে খেতিৰ কীট-পতংগবোৰক শস্য-সমাহাৰবোৰ নষ্ট কৰাৰ পৰা ৰুধিব পাৰি৷ তদুপৰি বহু ঠাইত আকাশ-বন্তি জ্বলোৱাৰো প্ৰচলিত প্ৰথা আছে৷
মাঘ বিহু :
মাঘ বিহু ভোগালী বিহু হিচাপেও প্ৰসিদ্ধ৷ মাঘ বিহুৰ সময়ত খাদ্যৰ নাটনি নাথাকে, সেয়েহে ইয়াক ভোগৰ বিহু বুলিও কোৱা হয়৷ এই বিহুৰ বুনিয়াদী উপাদনা হ’ল ভেলাঘৰ৷ মাঘ বিহুৰ আগৰ দিনতো উৰুকা হিচাপে অৱলম্বন কৰে৷ উৰুকাৰ দিনা পথাৰৰ পৰা নৰা আৰু খেৰ একগোট কৰা হয় আৰু পানী থকা বা কেঁচা বাঁহেৰে ইয়াক এক ত্ৰিভুজ আকৃতিত সাঁজি দুই-তিনি তলা মান ওখ কৰি মেজি বা ভেলাঘৰ থিয় কৰা হয়৷ ৰাতি সৰু-ডাঙৰ সকলোৱে মিলিজুলি ভোজ-ভাত খায়৷ প্ৰভাতত সৰ্বজনে মিলি ভেলাঘৰৰ জুইত মাহ-কৰাই, লাৰু-পিঠা, ঘি আদি অৰ্পণ কৰি সেৱা জনায়৷ পাৰম্পৰিক নিয়ম অনুযায়ী ভেলাঘৰৰ জুইৰ আশীৰ্বাদ ল’লে সকলো দুখ, কষ্ট, পাপ আদি জাহ যোৱা বুলি বিখ্যাত ৷
বিহুৰ প্ৰাতঃকালত মেজিৰ জুইৰ আশীৰ্বাদ লৈ আহি ঘৰৰ সৰু বয়সীয়ালবোৰে ডাঙৰ সকলোৰ পৰা আশীৰ্বাদ লয়৷ তদুপৰি দৈ, চিৰা আদি খোৱাটো ঐতিহ্যময়ী৷ সান্দহ গুৰি আৰু ভিন্ন প্ৰকাৰৰ লাৰু, পিঠা আদি মাঘ বিহুৰ এক অন্যতম অৱদান ৷
শেহান্তৰত বিহুৰ অৱদান বিনন্দীয়া৷ ঢোল, পেঁপা, গগণা আদিৰ সুমধুৰ ঝংকাৰে আমাৰ পাৰিপাৰ্শ্বিকক আপ্লুত কৰে৷ ইয়াৰ অনুৰণনত প্ৰতিটো নিনাদত দেখিবলৈ পোৱা যায় অসমীয়াৰ জাকত-জিলিকা স্বাভিমান৷ ইয়াৰ স্বাভিমানক আমি ক্লান্ত হ’ব দিব নোৱাৰোঁ৷
অনাগতকালৰ বাবে :
অত্যাধুনিক কালৰ ৰোষত বিহুৰ লয়লাস আজি ক্ষান্ত হ’বলৈ ধৰিছে৷ অসমত বিভিন্ন জাতি-জনজাতিয়ে বসবাস কৰে৷ বিহুক সংৰক্ষণ কৰাটো আৰু নিৰাপত্তাৰে ৰখাটো আমি আটাইৰে মুখ্য কৰ্তব্য৷ আমি আমাৰ ভৱিষ্যত জনক্ৰমক ইয়াৰ বিষয়ে দায়িত্বশীল কৰোৱাতো অত্যন্ত আৱশ্যকীয়৷ ভৱিষ্যতে যেন বিহুৰ আভা কেতিয়াও ম্ৰিয়মান নহয় আৰু সদায় নিভাঁজ হৈ থাকে তাৰ বাবে আমি সজাগ হৈ থকাটো দৰকাৰী ৷
এটি বিশ্বাস, এটি কামনা,
এটি আশা, এটি পৰিকল্পনা,
এটি ভাষা, এটি ৰেঙনি
নৱবৰ্ষৰ শুভৰম্ভণি৷