জেঠাই, ড° নিৰ্মলপ্ৰভা বৰদলৈৰ সান্নিধ্যৰ কিছুমান স্মৃতিৰ ৰোমন্থন

ড° নিৰ্মলপ্ৰভা বৰদলৈ, নামেই যাৰ পৰিচয়! সাহিত্য একাডেমি বঁটা বিজয়ী সাহিত্যিক, গুৱাহাটী বিশ্ববিদ্যালয়ৰ জৱাহৰলাল নেহৰু আসনৰ অধ্যাপিকা, “সৰস্বতী“ উপাধিৰে বিভূষিতা, অসম সাহিত্য সভাৰ প্ৰাক্তন সভানেত্ৰী, শিশুসকলৰ মৰমৰ “নীলা বাইদেউ“ আৰু কত যে কি ! তেখেত আছিল অসমীয়া সাহিত্য-সংস্কৃতিৰ অন্যতম ভোঁতাতৰা ৷ ড° নিৰ্মলপ্ৰভা বৰদলৈ আছিল একাধাৰে কবি, সাহিত্যিক, গীতিকিৰ, সুবক্তা,গৱেষক,শিশু সাহিত্যিক আৰু এগৰাকী ভাল কণ্ঠশিল্পীও৷ এনে এক বিশাল ব্যক্তিত্বৰ অধিকাৰী, অসাধাৰণ প্ৰতিভাধাৰী এইগৰাকী মহীয়সী নাৰী  সৌভাগ্যক্ৰমে আছিল মোৰ ডাঙৰ জেঠাই, মানে মোৰ দেউতা, প্ৰয়াত ধ্ৰুৱজ্যোতি বৰদলৈৰ ডাঙৰ বায়েক ৷ সামাজিক তথা সাহিত্য-সংস্কৃতিৰ জগতখনত তেখেতৰ এটা সুকীয়া পৰিচয় আছিল যদিও তেখেত আছিল আমাৰ মৰমৰ জেঠাই ৷

স্বভাৱতে জেঠাই অতি মৰমীয়াল আছিল ৷ তেখেতৰ মৰমসনা মিঠা মাতষাৰে সকলোকে আকৰ্ষণ কৰিছিল ৷ সৰু-ডাঙৰ সকলোৰে লগত তেখেতে ইমান আন্তৰিকতাৰে কথা পাতিছিল, যাৰ কাৰণে তেখেতে সকলোৰে লগত অতি সোনকালে আত্মীয়তা গঢ়ি তুলিছিল ৷ সেইকাৰণেই হয়তু জেঠাইৰ লগত মোৰ সৰুৰেপৰাই এক বন্ধুত্বসুলভ সম্পৰ্ক গঢ়ি উঠিছিল ৷ স্কুলীয়া দিনৰপৰাই জেঠাইৰ লগত মেলে-মিটিঙে ঘূৰি-ফুৰি বিভিন্ন ঠাইত বিভিন্নজনক লগ পোৱাৰ লগতে দেখিবলৈ পাইছিলো অসমৰ সাহিত্য তথা লোক-সংস্কৃতিৰ পথাৰখনত সিচঁৰতি হৈ থকা অসমীয়া সংস্কৃতিৰ অপৰূপ বৈচিত্ৰ্য ৷ প্ৰতিবাৰেইজেঠাই আহিব বুলি খবৰ পালেই মোৰ গা সাতখন-আঠখন হয় কাৰণ কেইদিনমানৰ কাৰণে পঢ়া-শুনা এৰি জেঠাইৰ লগত ঘূৰি ফুৰিবলৈ পাম ৷ প্ৰায়েই উজনি অসমত, বিশেষকৈ ডিব্ৰুগড়ৰ ওচৰে-পাজৰে জেঠাইৰ কিবা মেল-মিটিং বা অন্য কিবা প্ৰগ্ৰেম আদি থাকিলে মই লগত যোৱাটো খাতাং৷

প্ৰাইমেৰী স্কুলত পঢ়ি থকা দিনত প্ৰথমবাৰৰ কাৰণে মা-দেউতাৰ অবিহনে জেঠাইৰ লগত মই ডুলিয়াজানলৈ গৈছিলো ৷ ডুলিয়াজানৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ উদ্বোধন কৰাৰ লগতে সন্মিলনৰ গোটেই কেইদিনৰ আলোচনাচক্ৰ আৰু সাংস্কৃতিক অনুষ্ঠানৰ মুখ্য অতিথি তথা বক্তা  হিচাপে জেঠাইক আমন্ত্ৰণ জনাইছিল ৷ সেই সময়ত মিটিং আৰু আলোচনাচক্ৰৰ তত্বগধুৰ কথাবোৰ মই একো বুজি পোৱা নাছিলো যদিও সন্ধিয়াৰ সাংস্কৃতিক অনুষ্ঠানবোৰ একেবাৰে আগৰ VIP আসনত বহি উপভোগ কৰি মই খুব ফুৰ্তি পাইছিলো ৷ সন্মিলনৰ কোনোবা এদিন সন্ধিয়া সেইসময়ৰ জনপ্ৰিয় গায়িকা মুনমী বৰাই ষ্টেজত গীত গাই থকাৰপৰাই জেঠাইক দেখি “আইমণি“ বুলি মতা মোৰ আজিও মনত আছে ৷ পিছত জেঠাইয়ে মুনমী বৰাক চুমা এটা খাই মৰম কৰি মোৰ লগতো চিনাকী কৰি দিছিল ৷

আন এবাৰৰ কথা ৷ জেঠাই তেতিয়া অসম সাহিত্য সভাৰ সভানেত্ৰী ৷ হঠাতে এদিন আবেলি আমাৰ ডিব্ৰুগড়ৰ ঘৰলৈ জেঠাইৰ আগমন ৷ কোনো খবৰ নিদিয়াকৈ এখন বগা এম্বেচাদৰ গাড়ীত সাহিত্য সভাৰ কেইজনমান বিষয়ববীয়াৰ সৈতে জেঠাই আহিছে ৷ লক্ষ্যস্থান মাৰ্ঘেৰিটা ৷ মাৰ্ঘেৰিটাৰ শাখা সাহিত্য সভাৰ বাৰ্ষিক অধিবেশনত পৌৰোহিত্য কৰিবলৈ জেঠাইক আমন্ত্ৰণ জনোৱা হৈছে ৷ জেঠাইয়ে মোকো লগত ওলাবলৈ ক’লে ৷ ক’বলৈহে পালে,মই একেজাঁপে যাবলৈ সাজু হ’লো ৷ আমি গৈ মাৰ্ঘেৰিটাত জেঠাইৰ সখী ৺স্বৰ্ণ গগৈ জেঠাইৰ ঘৰত আছিলো ৷ তেওঁলোকৰ ঘৰটো এটা মস্ত বাংলো ৷ জেঠপেহা ৺ডা° মহেন্দ্ৰ গগৈ সেইসময়ত মেকনিল্ মেগৰৰ চীফ্ মেডিকেল অফিচাৰ পদত থকা বাবে কোম্পানীৰ ফালৰপৰা তেওঁলোকে সেই ধুনীয়া বাংলোটো লাভ কৰিছিল ৷ পাহাৰৰ এটা সৰু টিলাৰ ওপৰত থকা বাবে সেই বাংলোটো “টিলা বাংলো“ নামেৰে জনাজাত আছিল ৷ মাৰ্ঘেৰিটাৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু বাগানৰ শান্ত পৰিবেশ মোৰ খুব ভাল লাগিল ৷ পিছদিনাৰপৰা মাৰ্ঘেৰিটাৰ শাখা সাহিত্য সভাৰ কাৰ্য্যসূচী আৰম্ভ হ’ল ৷ জেঠাইৰ লগত ময়ো সমানে ব্যস্ত হৈ পৰিছিলো ৷ নিৰ্মলপ্ৰভা বৰদলৈক লগ পাবলৈ, তেখেতৰ লগত দুআাষাৰ কথা পাতিবলৈ মানুহবোৰ ব্যাকুল হৈ পৰিছিল ৷ লগতে ইঘৰ-সিঘৰৰপৰা ভাত খোৱা, চাহ খোৱাৰ নিমন্ত্ৰণ আছেই ৷ মই দেখি আচৰিত হৈছিলো যে মানুহে জেঠাইক ইমান ভাল পায় ! জেঠাইৰ ভতিজী বুলি তেওঁলোকে মোকো ইমান আদৰ-সাদৰ কৰিছিল, মোৰ খুব লাজ লাগিছিল তেতিয়া  ৷ মিটিঙৰ সময়ত জেঠাইৰ লগতে মোকো ষ্টেজত বহুৱাইছিল ৷ জেঠাইৰ অট’গ্ৰাফ ল’বলৈ আহি মানুহবোৰে উল্লাসতে ক’ব নোৱাৰা হৈ মোৰপৰাও অট’গ্ৰাফ বিচাৰিছিলে ৷ সেই সময়ত মোৰ “ফাট মেলা বসুমতী, পাতালে লুকাও” যেন অৱস্থা ৷ “কি কৰো এতিয়া“! জেঠাইয়ে ক’লে,“ইমান মৰমেৰে কিবা এটা লিখিবলৈ কৈছে, তোৰ মনলৈ অহা কিবা এফাঁকি কৱিতা বা গীতৰ শাৰী, নহ’লে এটা শুভেচ্ছা বাণীকে লিখি দে , তেওঁলোকে ভাল পাব ৷ ” জেঠাইৰ কথামতে ময়ো জীৱনত প্ৰথমবাৰৰ বাবে অট’গ্ৰাফ দিলো ৷

জেঠাইৰ কথা কৈ থাকিলে শেষেই নহয় ৷ তেখেতৰ লগত জড়িত এনে কিছুমান স্মৃতি আছে, যিবোৰ মনত পৰিলে হাঁহিও উঠে। আৰু আচৰিতো লাগে যে ইমান বিদূষী মানুহগৰাকী প্ৰকৃততে যে কিমান সৰল আছিল ! এবাৰ ব’হাগ বিহুৰ সময়ত মই আৰু মোৰ ভাইটি, গীত গুৱাহাটত জেঠাইৰ ঘৰত আছিলো ৷ বিহুৰ বতৰ কাৰণে মায়ে পিঠা-পনা, নাৰিকলৰ লাড়ু আদি বনাই আমাৰ হাতত দি পঠাইছিল ৷ জেঠাইৰ নাৰিকলৰ লাড়ু খুব প্ৰিয় ৷ কিন্তু তেওঁৰ সাংঘাতিক ডায়েবেটিছ, যাৰ কাৰণে মিঠা খোৱাত বাধা ৷ ইফালে জেঠাইৰ আকৌ পিঠা-লাড়ু দেখি খাওঁ খাঁও লাগি আছে৷ জেঠাইৰ ছোৱালী, আইজনী বা (ড° স্বপ্না দেৱী) মাকৰ খোৱা-বোৱাৰ ক্ষেত্ৰত খুব সাৱধান ৷ কিন্তু জেঠাইয়ে সুবিধা পালেই নাখাবলগীয়া বস্তুবোৰ মুখত দিয়ে ৷ এদিন বাইদেউহত ঘৰত নথকা অৱস্থাত জেঠায়ে মোক মায়ে পঠোৱা লাড়ু-পিঠাৰ টেমাটো খুজিলে ৷ ময়ো তেওঁৰ কথা পেলাব নোৱাৰি টেমাটো আনি দিলো ৷ জেঠাইয়ে পৰম তৃপ্তিৰে এটাৰ পিছত এটাকৈ পিঠা খাবলৈ ধৰিলে ৷ তেনেতে বাইদেউহত আহি পালেহি ৷ জেঠাইয়ে লৰালৰিকৈ টেমাটো নি ফ্ৰীজত থ’লেগৈ ৷ কোনেও জেঠাইয়ে পিঠা খোৱা কথাটো গমেই নাপালে ৷ আলপ সময়ৰ পিছত ঘৰত হূলস্থূল লাগিল, জেঠাইৰ চচমা হেৰালে ৷ গোটেই ঘৰত বিচাৰি চলাথ কৰিলে, ক’তো নাই ৷ চচমা নোহোৱাকৈ জেঠাইয়ে এতিয়া পঢ়াশুনা কৰে কেনেকৈ? ইফালে বিহুৰ বতৰ ৷ একেদিনাই কোনেও চচমা বনাইও নিদিয়ে ৷ বহুত ভাবি চিন্তি ঠিক কৰা হ’ল যে এদিন পিছত ডক্টৰক এবাৰ চকুকেইটা দেখুৱাই নতুন চচমা বনাবলৈ দিয়া হ’ব ৷ কথাটো সিমানত অন্ত পৰিল ৷ পিছদিনা ১ ব’হাগ৷বিহু বুলি ওচৰতে থকা খুড়াৰ পৰিয়াল আৰু দিছপুৰত থকা সৰু জেঠাইৰ সকলোৱে মিলি একেলগে এসাজ খাবলৈ বুলি জেঠাইৰ ঘৰত গোট খালেহি ৷ বিধে বিধে বিভিন্ন ব্যঞ্জনৰ আয়োজন চলিছে ৷ আইজনী বায়ে মোক মায়ে পঠোৱা লাড়ু-পিঠাবোৰো প্লেটত সজাই দিবলৈ ক’লে ৷ কথামতে কাম ৷ মই ফ্ৰীজৰপৰা টেমাটো উলিয়াই আনিলো ৷ কিন্তু টেমা খুলি মোৰ চকু কঁপালত উঠিল ৷ মই হাঁহিমেই নে কান্দিম একো ধৰিবই পৰা নাই৷ টেমাৰ ভিতৰত পিঠাপনাৰ সলনি সোমাই আছে জেঠাইৰ চচমাখন ৷ আগদিনা বাইদেউহত অহা দেখি লৰালৰিকৈ টেমা সামৰোতে জেঠাইয়ে চচমাখন টেমাৰ ভিতৰতে থৈ দিলে আৰু পিছত চচমা বিচাৰি হাহাকাৰ ৷ টেমাৰ ভিতৰত চচমা ওলোৱাত জেঠাই নিমাত আৰু সকলোৱে গম পালে টেমাৰ পিঠা ক’লৈ গ’ল ৷

আন এদিনৰ কথা ৷ জেঠাইৰ লগত মই তেওঁৰ পুৰণি চিনাকী মানুহ এঘৰলৈ ফুৰিবলৈ গৈছিলো ৷ কিছুসময় কথা-বতৰাৰ পিছত তেওঁলোকৰ ঘৰত চাহ-জলপান ওলাল ৷ বৰাচাউল,ক্ৰীম,পিঠা-পনা, কেক,মিঠাই আৰু বহুতো ৷ জেঠাই হ’ল লুতুৰা ৷ সেইবোৰ খোৱা মানা যদিও অতি তৃপ্তিৰে চাহ-জলপান খালে ৷ উভতি অহাৰ বাটত মোক বাৰেপতি মানা কৰিলে যাতে ঘৰত কাকো মই তেওঁ বৰাচাউল,কেক,মিঠাই খোৱাৰ কথা নকওঁ ৷ ঘৰ আহি পোৱাৰ পিছত সকলোৱে বহি কথা পাতি থাকোতে মানুহঘৰত কি কি খুৱালে তাকে মই কৈ আছিলো ৷ জেঠাইয়ে নিজৰ ৰূমত বহি থকাৰপৰা মাত লগালে, “মই তাত একোৱেই খোৱা নাই ৷ জুলীয়েহে চব খালে ৷” (মোৰ ঘৰত মতা নাম জুলী) কথাষাৰ শুনি বাইদেউৰ সন্দেহ হ’ল ৷ মনে মনে মোক শুধিলে যে জেঠাইয়ে সঁচাকৈ তেওঁলোকৰ ঘৰত একো খোৱা নাই নেকি ৷ ময়ো কথাৰ মাজতে জেঠাইয়ে চব খোৱা বুলি কৈ দিলো ৷ তাৰপিছত জেঠাইয়ে দুদিন মোক নমতাকৈ থাকিল ৷ কিন্তু তৃতীয়দিনা সকলো পাহৰি আকৌ দুইজনী একেলগে গুৱাহাটীৰ DHAS লাইব্ৰেৰীলৈ বুলি ওলাই গ’লো ৷

সেইসময়ত জেঠাই তেখেতৰ গৱেষণামূলক গ্ৰন্থ, “সূৰ্য্য“ লিখাত ব্যস্ত আছিল ৷ সৌভাগ্যক্ৰমে সেইসময়তে ময়ো এমাহমান থকাকৈ গুৱাহাটীলৈ গৈছিলো ৷ মই যোৱাত জেঠাইয়ে খুব ভাল পালে ৷ ক’ৰবালৈ অহা-যোৱা কৰিবলৈ আৰু লিখা-মেলাত সহায় কৰিবলৈ লগ এটা পালে ৷ জেঠাইৰ তেতিয়া লিখা-পঢ়া কৰিবলৈ অলপ অসুবিধা হৈছিল কাৰণ তেখেতৰ চকু গ্লুক’মাত আক্ৰান্ত হৈছিল ৷ সেয়ে জেঠাইয়ে কৈ যায় আৰু কোনোবাই লিখি যাব লাগে৷পঢ়িবলৈ তেখেতৰ অসুবিধা হয় ৷ আনে পঢ়ি দিলে তেওঁ শুনি থাকে৷মই প্ৰায়ে জেঠাইৰ লগত “সূৰ্য্য“ৰ তথ্যৰ সন্ধানত লাইব্ৰেৰীলৈ আৰু সমল ব্যক্তিসকলক লগ ধৰিবলৈ যাও ৷ সূৰ্য্য সম্পৰ্কীয় যিবোৰ তথ্য পাওঁ, সেইবোৰ মই ঠাইতে বহীত টুকি যাও আৰু ঘৰত জেঠাইক পঢ়ি শুনাও ৷ তাৰে দৰকাৰী কথাবোৰ জুকিয়াই জেঠাইয়ে কৈ যায় আৰু মই পুণৰ লিখি যাও ৷এই গ্ৰন্থখনৰ সমল গোটোৱাৰপৰা প্ৰুফ চাই দিয়ালৈকে বিভিন্ন প্ৰকাৰে জড়িত হৈ এখন মহান গ্ৰন্থৰ সৃষ্টিৰ মই এক সাক্ষী হৈ ৰ’লো, যিটো মোৰ বাবে অতি গৌৰৱৰ কথা ৷ গ্ৰন্থখনৰ পাতনিত জেঠাইয়ে এই কথাবোৰৰ উল্লেখো কৰিছে ৷

তিনিশৰো অধিক জনপ্ৰিয় গীতৰ শ্ৰষ্টা তথা ৭০ ৰ দশকৰ অসমীয়া চলচিত্ৰৰ সৰ্বাধিক জনপ্ৰিয় গীতৰ গীতিকাৰ নিৰ্মলপ্ৰভা বৰদলৈ নিজেও এগৰাকী সুগায়িকা আছিল ৷ জেঠাইৰ মাতটো খুব মিঠা আছিল ৷ তেখেতে অতি সুৱলাকৈ বৰগীত, লোকগীত আৰু নাম গাইছিল ৷ আমি যেতিয়া গৰমৰ বন্ধত গুৱাহাটীলৈ যাওঁ, জেঠাইৰ ঘৰত সদায় গধূলি গানৰ জলচা হয়৷ জেঠাইৰ কাঢ়া অৰ্ডাৰ যে সকলোৱে গান গাব লাগিব ৷ কোনোদিনে গান নোগোৱা মোৰ মা আৰু খুড়ীও সাৰি নাযায় ৷ তেওঁলোকে “আমি কোৰাচ গাম“ বুলি আনৰ লগত লিপচিং কৰিহে কথমপি ৰক্ষা পৰে ৷ মোৰ দেউতা ৺ধ্ৰুৱজ্যোতি বৰদলৈ আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ নিয়মীয়া ঘোষক আৰু প্ৰযোজক হোৱাৰ লগতে আকাশবাণীৰ স্বীকৃতিপ্ৰাপ্ত গীতিকাৰো আছিল ৷ ছাত্ৰাৱস্হাত দেউতাই বি বৰুৱা কলেজৰ শ্ৰেষ্ঠ গায়কৰ সন্মানো লাভ কৰিছিল ৷ জেঠাই আৰু দেউতা দুইজনেই সাংস্কৃতিক জগতখনৰ লগত জড়িত থকা হেতুকে দুয়োৰে মাজত সাংঘাতিক মিল আছিল ৷ দুয়ো একেলগে হাৰমনিয়াম লৈ গীত চৰ্চা কৰাৰপৰা সাহিত্য,গ্ৰন্থ,চিনেমা, ভ্ৰমন আদি বিভিন্ন বিষয়ত ঘণ্টাৰ পিছত ঘণ্টা ধৰি আলোচনা কৰিছিল ৷ মোৰো এইবোৰ বিষয়ত আগ্ৰহ দেখি জেঠাইয়ে মোক সংগীতৰ চৰ্চা কৰিবলৈ উৎসাহিত কৰে আৰু এবাৰ তিনিহাজাৰ টকা মণিঅৰ্ডাৰ কৰি তাৰে দেউতাক মোৰ বাবে এখন হাৰমনিয়াম কিনি দিবলৈ কয় ৷ জেঠাইৰ কথামতেই দেউতাই তিনিচুকীয়াৰপৰা মোলৈ এখন অত্যাধুনিক হাৰমনিয়াম কিনি আনে আৰু মোৰ সংগীতৰ যাত্ৰা আৰম্ভ হয়৷

সৰুৰেপৰা জেঠাইৰ বিখ্যাত গীতবোৰৰ সৃষ্টিৰ আঁৰৰ কাহিনীবোৰ দেউতাৰ মুখেৰে শুনিছিলো ৷ সুৰৰ আধাৰত গীত লিখা মূহুৰ্ত্তবোৰৰ কথাবোৰ শুনি ৰোমাঞ্চিত হৈছিলো ৷ “সোণৰ খাৰু নেলাগে মোক“, “সন্ধিয়াৰ আকাশত বগলী উৰে“, “আগলি বতাহে কঁপালে কলৰে পাত“ আদি কালজয়ী গীতৰ সৃষ্টিৰ আঁৰৰ কাহিনীবোৰ সাধুকথা যেন লাগিছিল ৷ দেউতাই কৈছিল, কেনেকৈ ভূপেন হাজৰীকা, জয়ন্ত হাজৰীকা, মুকুল বৰুৱা, দিপালী বৰঠাকুৰ, ভৱেন বৰঠাকুৰ আদি মহান শিল্পীসকলে আমাৰ ককাই সজোৱা চানমাৰীৰ ঘৰটোত গোট খাই গানৰ চৰ্চা কৰিছিল আৰু সৃষ্টি হৈছিল একো একোটা বিখ্যাত গীতৰ ৷ এবাৰ মোৰো সৌভাগ্য হৈছিল তেনে এটি গীতৰ সৃষ্টিৰ সাক্ষী হোৱাৰ ৷ স্বনামধন্য শিল্পী সূৰ্য দাসে এদিন জেঠাইক ফোন কৰি ক’লে যে তেখেতে এটি সুৰ সৃষ্টি কৰিছে আৰু তাৰ লগত খাপ খুৱাকৈ গীতৰ কথা লাগে ৷ গীতটো তেখেতক সেইদিনাই লাগে কাৰণ পিছদিনা তেখেতৰ তেজপুৰত প্ৰগ্ৰেম আছে ৷ জেঠাইয়ে তেখেতক গধূলি ৭ বজাত ঘৰলৈ মাতিলে ৷ মোৰ খুব ফুৰ্তি লাগিল যে সুৰৰ ভিত্তিত কেনেকৈ গীত লিখে নিজ চকুৰে দেখা পাম ৷ নিৰ্দিষ্ট সময়ত সূৰ্য দাস আহিল ৷ তেখেতে হাৰমনিয়ামত সুৰটো বজাই গৈছে আৰু জেঠাইয়ে সুৰৰ লগত খাপ খুৱাকৈ শব্দ বহুৱাই গৈছে ৷ এঘণ্টাৰ ভিতৰত সৃষ্টি হ’ল এটি নতুন গীতৰ ৷

পৰিপাটিকৈ সাজ-পাৰ কৰা,সুন্দৰকৈ মেক্ আপ্ কৰা,ধুনীয়াকৈ চুলি আচোৰা আদি জেঠাইয়ে খুব ভাল পাইছিল৷ সেয়ে নিজেও ক’ৰবালৈ ওলাই গ’লে বেগত এখন সৰু আইনা, মুখত ঘঁহা ক্ৰীম, পাউদাৰ, লিপষ্টিক আৰু এখন ফনি সদায় ৰাখিছিল ৷

এইয়াই আছিল আমাৰ জেঠাই, সকলোৰে পৰিচিত ড° নিৰ্মলপ্ৰভা বৰদলৈ ৷ তেখেত বৰ্তমান কায়িকভাৱে আমাৰ লগত নাই যদিও তেখেতৰ সান্নিধ্যৰ পুৰণি স্মৃতিবোৰ মোৰ মনত সদায় সজীৱ হৈ থাকিব আৰু এইবোৰেই এতিয়াও মোক আগুৱাই যাবলৈ উৎসাহিত কৰে৷

 

About the Author :

প্ৰাৰ্থনা বৰদলৈ

পুণে

Share This :