(ক)
জীৱনৰ সোণালী দিন বুলিলে স্কুলীয়া দিনবোৰলৈ মনত পৰে য’ত থাকে অকৃত্ৰিম হাঁহি, ভালপোৱা, নিভাঁজ সুখৰ সঁফুৰা। মনৰ বোজা নোহোৱা মন এটি লৈ স্কুলীয়া জীৱনৰ পাতনি। শিশু এটিৰ বৌদ্ধিক বিকাশৰ চাবিকাঠী নিৰ্মাণ হয় স্কুলীয়া জীৱনৰ পৰাই। বন্ধুত্বৰ আবদাৰ, এনাজৰী, দুষ্টালি সকলো মানৱীয় সহজাত প্ৰবৃত্তিবোৰ ঠন ধৰি উঠি পৰৱৰ্তী সময়ছোৱাত মানুহক জীপাল কৰে স্মৃতিৰ সঁফুৰাৰে নিজৰ মাজতে। সেয়েহে হয়তো ইংৰাজীত কথাষাৰ আছে :
“School Times End
But Memories Last Forever.”
এটি দৈনন্দিন পৰিক্ৰমাৰ মাজেৰে আৰম্ভ হয় প্ৰতিটো পুৱা। তাৰ মাজতো কিন্তু মনৰ উলাহবোৰ যেন থমকি নৰয় নিৰ্মল আৱেগৰ স্পৰ্শত। ঘৰৰ পৰা দুচকীয়া চাইকেলখনৰে আৰম্ভ হয় মোৰ স্কুলীয়া জীৱনৰ আদিপাঠ, ঘগ্ৰাপাৰৰ পৰা ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ। ঘগ্ৰাপাৰৰ পৰা ৰৈ থকা লগৰীয়াসকলৰ লগত বাছত যাত্ৰা স্কুললৈ। লাজকুৰীয়া, শান্ত, মাৰ্জিত স্বভাৱটোৰে কাষত লোৱা স্কুলীয়া বেগখন বগা-নীলা পাৰীৰ পৰিহিত মেখেলা-চাদৰযোৰৰ সৈতে কৰা যাত্ৰা মনত পৰিলে আজিও থমকি ৰওঁচোন , সেই সময় জানোচা ক’ত হেৰাল? নে মই হেৰাই গ’লো জীৱনৰ তাগিদাত!
(খ
চাইকেলৰ যাত্ৰাত চিনাকি হয় মৰমিয়াল দাদা এজনৰ লগত। কঙ্কণ দাদা। কিয়নো ঘৰৰ পৰা আহি চাইকেলখন নিৰ্দিষ্ট স্থানত থোৱাৰ প্ৰয়োজন আছে। দেউতাই সেই মৰ্মে দাদাক চিনাকি কৰাই দিয়ে চাইকেলখন থ’বৰ বাবে। তেখেতৰ এখন সৰু দোকান আছে ঘগ্ৰাপাৰ চকত। যদিওবা সৰু দোকান, মনটো পিছে বৰ বিশাল। সদায় ভদ্ৰভাৱে হাঁহিমুখে দাদাই নিজা ভণ্টিৰ দৰে মোৰ চাইকেলখনৰ চোৱাচিতা কৰিছিল মই স্কুলৰ পৰা নহালৈকে। এনেকৈ লাহে লাহে দাদাৰ লগত এটি ঘৰুৱা গাঁৱলীয়া আন্তৰিকতা গঢ় লয়। কেতিয়াবা দাদাৰ দোকানৰ চকলেট দিয়ে যদিও এটকীয়া চকলেট কিন্তু তাৰ আঁৰত থকা আন্তৰিকতাখিনি অমূল্য। জীৱনৰ প্ৰকৃত সুখানুভৱ এই সৰু-সৰু কথাবোৰতে নিহিত থাকে যিয়ে জীৱনটো সেউজীয়া কৰে যান্ত্ৰিকতাৰ মাজতো।
( গ)
স্কুল বুলি ক’লে “ত্ৰিমূৰ্তি ” ক কেনেকৈ পাহৰিব পাৰিনো! ত্ৰিমূৰ্তি ঘোঁৰা, জখলাৰ দৰে ওখ, অৰ্চনা (খং নকৰিবা দেই!), মিকি মাউছ (মিকু, কবিতা লিখা ধুনীয়া ছোৱালীজনী), পাৰু (পাৰবীন, স্পৰ্শকাতৰ) — আমি সদায় একেলগে বেঞ্চত বহিছিলোঁ। ৫ টকীয়া ছিঙৰাৰ আড্ডা, স্কুলৰ দীঘলী পুখুৰীটো, সেই পুখুৰীটো য’ত আমি জিৰণি সময়ত বহি সপোন দেখিছিলোঁ ভৱিষ্যতৰ, বাস্তৱৰ শিশুসুলভ ধেমেলীয়া মুহূৰ্তবোৰ য’ত নিহিত আছিল নিভাঁজ আৱেগৰ টুকুৰাবোৰ! জন্মদিনৰ নামত দিয়া কাৰ্ড, কিতাপবোৰ বৰ অমূল্য আছিল। কিয়নো সেই বিশেষ দিনটো কোনেও নাপাহৰে আৰু “surprise” দিয়ে। ইয়াতকৈ বাৰু মৰমৰ ডাঙৰ উপহাৰ কি হ’ব পাৰে? সময়ৰ লগে লগে মানুহে যান্ত্ৰিকতাৰ আৱেষ্টনীত এই সূক্ষ্ম সূক্ষ্ম সুখকণৰ পৰা আঁতৰি বিচাৰি ফুৰে বাহ্যিক আভিজাত্য আৰু হেৰুৱা পেলায় জীৱনৰ আচল সুখানুভৱ। মৰমবোৰ কিন্তু মানুহৰ সৰু সৰু সাধাৰণ কথাবোৰতে লুকাই থাকে যদিহে আমি মৰম বিচাৰি চাব জানো, যাৰ অন্তৰ্দৃষ্টিয়ে মানুহক দিব পাৰে আত্মিক শান্তি।
(ঘ)
ভোগালী বিহু বুলি ক’লে স্কুলীয়া দিনত এটি উলাহে নধৰা মন। লাড়ু, পিঠা, জলপান, হাঁহেৰে কোমোৰাৰ দৰে লোভনীয় এসাঁজৰ আঁৰত নিহিত থকা প্ৰতিজন অসমীয়াৰ স্বাভিমান, সংস্কৃতি, জাতীয় সন্মানে আমাৰ মন প্ৰাণক বান্ধি ৰাখে একোডাল মৰমৰ এনাজৰীৰে। তাৰ আঁৰতে আমাৰ হিয়াৰ আমঠু বিহুৰ বিশেষ ৰোমাঞ্চকৰ সৌন্দৰ্য।
সিদিনাখন বিহু উপলক্ষে স্কুল বন্ধ দিয়াত আমি সকলোৱে ঘৰমুৱা হ’লো স্কুল ছুটীৰ পিছত। মই মনতে ভাবিলোঁ কোনোমতে এইকেইদিন ৰাতিপুৱা অন্ততঃ বিছনাৰ পৰা অলপ দেৰিকৈ উঠিব পাৰিম। ভাবি মনটো ভৰি পৰিল। ক’বলৈ গ’লে ছোৱালীবোৰৰ এটা এৰিব নোৱাৰা স্বভাৱ। পিছে আজিও মই এই স্বভাৱটো বিসৰ্জন দিব পৰা নাই, যি কথা এদিন হাফলঙলৈ ফুৰিবলৈ গৈ বাৰুকৈয়ে অনুভৱ হৈছিল যেতিয়া ৰে’লখন কোনোমতেহে ধৰিব পাৰিছিলোঁ। ৰাতিপুৱা উঠিব পাৰিলে ভাল। পিছে দিন গ’ল মানে কাহিনীও শেষৰ দৰে। সেই কথা যে নকলেও হ’ব! এই বন্ধৰ আমেজ এটা লৈ বাছৰ পৰা নামি চাইকেলখন ল’বলৈ কঙ্কন দাদাৰ দোকান পাওঁ। দাদাই বৰ মৰমেৰে চকলেট দিলে। ময়ো আন্তৰিকতাক হেঁপাহৰে গ্ৰহণ কৰিলোঁ।দাদাই বিহুৰ নিমন্ত্ৰণ দিলে। মই এই অকৃত্ৰিম নিমন্ত্ৰণক উপেক্ষা কৰিব পাৰিম বুলি মনে নক’লে। লগতে ভাইটিকো মাতিলে। ভাললগা মন এটা লৈ ঘৰ পালোঁ কোনোমতে। দুদিন পিছতে যো-জা কৰিলোঁ আমি দাদাৰ ঘৰত বিহু খাবলৈ যোৱাৰ। ভাইটি, মই আৰু এজন দাদাই একেলগে চাইকেল লৈ আটায়ে গমন কৰিলোঁ দাদাৰ ঘৰৰ পিনে। কিন্তু আমি কোনেও চিনি নাপাওঁ দাদাৰ ঘৰ। পথৰুৱা বাটৰ মাজেদি গৈ গৈ মানুহক সুধি কোনোমতে গন্তব্যস্থল পালোঁ। ঘগ্ৰাপাৰৰ পৰা টৈঙাবাৰীৰ কিছু নিলগত। দাদাই আমাক দেখি যিটো হাঁহি দিলে তাৰ মাজত থকা সন্তুষ্টিখিনি দেখি পথৰুৱা বাটৰ কষ্ট ক’ৰবাত বিলীন হৈ গ’ল। দাদাই ঘৰৰ প্ৰতিজন ব্যক্তিৰ লগত চিনাকি কৰাই দিলে বৰ আন্তৰিককতাৰে। এইবোৰে সঁচাকৈয়ে মানুহৰ মনক সেউজীয়া কৰি ৰাখে। পিঠা-পনাৰে বৰ আদৰ কৰি আমাক চাহ দিলে। লগতে দাদায়ো আমাৰ লগত একেলগে বহি চাহকাপ গ্ৰহণ কৰি অতিথিক সসন্মানে সৎকাৰ কৰিলে। কম সময়ৰ ভিতৰতে পৰিয়ালৰ খুড়া-খুড়ীহঁতৰ লগত এক আত্মীয়তা গঢ় লৈ উঠিল। সৰল গাঁৱলীয়া আত্মীয়তা এনেকুৱাই চাগে, য’ত নাথাকে কোনো মৰমৰ আনুষ্ঠানিকতা। প্ৰয়োজন মাথোঁ হৃদয়ৰ তাগিদাৰ। ঘৰখনৰ বাৰীখনৰ গছ-লতাৰ লগতো পৰিচয় কৰালে। বাৰীখন আছে বাবেই ঘৰখনৰ সৌন্দৰ্য বৰ্ধিত হৈ আছে।
লাহেকৈ আমাক দুপৰীয়া আহাৰ গ্ৰহণৰ বাবে মাতি পঠালে। আমি আহি নিজ নিজ ঠাইত বহি ইটো-সিটো কথাৰ পাতনি মেলিলোঁ। কোনে কি খাব! বৰ হেঁপাহৰে দাদাহঁতে ভিন্ন ব্যঞ্জনেৰে আমাক আতিথ্য কৰিলে। বিশেষকৈ ঘৰৰ হাঁহ, পুখুৰীৰ মাছ। এতিয়া লাহেকৈ ভাইটি আৰু দাদাৰ মাজত আলোচনা হ’ল গৃহস্থ যোৱাৰ পিছত সিহঁতে হাঁহ খাব নে নাই। ভাইটি তেতিয়া ঘৰুৱা ধর্মীয় নিয়ম মাফিক চলা এজন স্পষ্টবাদী ল’ৰা। নোকোৱাকৈ নোৱাৰি এতিয়া পিছে সম্পূৰ্ণ বিপৰীত। হোষ্টেলীয়া জীৱনে মানুহ হিচাপে পৰিপক্ক হোৱাত বহুলাংশে সহায় কৰে। বহু যুক্তি তৰ্কৰ অন্তত দুয়ো নিজৰ নীতিত অটল থাকি হাঁহৰ লোভ বিসৰ্জন দিলে, যিহেতু হাঁহটো ধৰ্মীয় ৰীতি অনুযায়ী কটা হোৱা নাছিল। পিছে মোৰ মনত অহৰহ দোদুল্যমান হৈ থাকিল ইমান হেঁপাহৰে শুদ্ধ আন্তৰিকতাৰে দিয়া অন্নক বিসৰ্জন দিব পাৰি জানো? মোৰ মনত সেই আন্তৰিকতাক আঘাত কৰাৰ ক্ষমতা নহ’ল আৰু মই সেই নীতিক আওকাণ কৰি মৰমেৰে দিয়া হাঁহেৰে তৃপ্তিৰ এসাঁজ গ্ৰহণ কৰি আপ্লুত হ’লোঁ। গধূলি হোৱাৰ আগে আগে আমি সকলোকে মাত লগাই প্ৰস্থান কৰিলোঁ সন্তুষ্টি ভৰা মন এটি লৈ।
ঘৰলৈ উভতি আহোঁতে দুয়োজনে মোক ধর্মীয় নীতি-নিয়ম বুজাবলৈ চেষ্টা কৰিছিল। পিছে মোৰ মগজুৱে গ্ৰহণ কৰা নাছিল। মোৰ মনত কোনো আক্ষেপো নাছিল। নীতিক উপেক্ষা কৰিও বৰং মনটো আপ্লুত হৈ পৰিছিল, অন্ততঃ কাৰো মনত আঘাত নিদি মই শুদ্ধ আন্তৰিকতাক দিব পৰা প্ৰকৃত সন্মানৰ খাতিৰত।
বি:দ্ৰ: এখন কিতাপৰ প্ৰেৰণাত বিহু উপলক্ষে প্ৰথমবাৰ এটি লেখা আগবঢ়াইছোঁ। লেখাটি সেই বিশেষ কিতাপখনৰ নামত উৎসৰ্গিত কৰিলোঁ সন্মান সহকাৰে, কৃতজ্ঞতাৰে।
About the Author :
চৈয়দা পাৰবীন চুলতানা ৰহমান,
জালুকবাৰী শিশু গৃহৰ সমাজ কৰ্মী,