বিহু বিহু বুলি সৰুতে আনন্দত দৌৰি ফুৰা দিনবোৰ
জানোবা কেতিয়াবা ঘূৰাই পাম!
মাৰ পৰা এখন পিঠা, পেহিৰ পৰা দুখন পিঠা
গোটাই যে পকেটত লৈ ফুৰিছিলো
আকৌ দৌৰা মাৰিছিলো তপনৰ ঘৰলৈ,
খূৰিয়ে মৰমতে দিয়া নাৰিকলৰ লাড়ু
আৰু যে ক’ত কি সাঙুৰিছিলো,
মোৰ বাৰুকৈয়ে মনত পৰে,
কোনোবাই যে কৈছিল, তপনৰ ঘৰত নাযাবলৈ
মানুহবোৰ হেনো নাযায় তাহাতৰ ঘৰলৈ।
কিন্তু খূৰিয়ে সকলোকে বৰ মৰম কৰিছিলে
আমি যে সিমানেই বুজি পাইছিলো।
আব্দুল মামাৰ “তপনৰ মামা” চাইকেলত কিমান যে উঠিলো
বিহুৰ দিনা আব্দুল মামাও আহিছিল তপনৰ ঘৰলৈ
মোৰ মনত আছে, মনে মনে আনি মইও আব্দুল মামাক গামোচা দিছিলো
মোৰ এইটোও মনত আছে,
ঈদৰ দিনাও তপন আৰু মোৰ যে কিমান ফূৰ্তি, আব্দুল মামাৰ ঘৰত যে যাব পাম চাইকেলত উঠি।
আৰু যে কিমান পিঠা পনা ,
মামীয়েও যে কিমান মৰম কৰিছিল,
আমি যে সিমানেই বুজি পাইছিলো।
কিন্তু জানা আমাক গালিও পাৰিছিলে বহুতে
কিজানি চাইকেলত উঠি যোৱা কাৰণে
বহু দূৰলৈ আব্দুল মামাৰ লগত।
বিহুৰ পাচত স্কুলত যাওতে পকেটত যে পিঠা নিচিলো, কোনোৱে নেদেখা কৈ।
ৰাজুয়ে ৰৈ থাকে তপন আৰু মোলৈ
সিহতৰ ঘৰত হেনো বিহু নাপাতে
ৰাজুয়ে আমাৰ কাৰণে ৰূটি আৰু আচাৰ আনে।
আমি যে সিমানেই বুজি পাইছিলো
দিন বোৰো যে ছূতি আছিল ,
পৃথিৱী খনো সৰু আছিল,
মৰমবোৰো যে সিমানেই আছিল,
আমাকো যে সিমানেই লাগিছিল।
তপন, ৰাজু আৰু আব্দুল মামাও যে তেনেই সৰল আছিল।
About the Poet :
দীপাংকৰ ৰাভা
সম্পাদক , অসমী