সাম্প্ৰতিক সময়ৰ বিশ্বায়নী বিহুৰ ওপৰত এখন ৰচনা

বিশ্বায়ন নামৰ ট্ৰাকখনৰ পিছফালে ওলমি গৈ পৃথিৱীৰ লোককৃষ্টি (লোক সংস্কৃতি) য়ে দেখাত এখন বহল বিশ্বৰ প্ৰান্তৰত চলাফুৰা কৰিছে সঁচা কিন্তু লগে লগে অস্তিত্ব আৰু স্বকীয়তাও গভীৰ প্ৰত্যাহ্বানৰ সন্মূখীন হৈছে। বজাৰৰ নিৰ্দেশ মানি উপভোক্তাৰ ৰুচি নিৰ্মাণ কৰি সেইমতে উপভোক্তাৰ চাহিদা পূৰণৰ বাবে সাংস্কৃতিক পন্যৰ মাজত বিভিন্ন উপাদানৰ সংমিশ্ৰণ ঘটাই নতুন সোৱাদৰ প্ৰডাক্ট বজাৰত মেলি দিছে। বিশ্বায়নৰ ডেৰকুৰি বছৰৰ পিচত “সাংস্কৃতিক মিলন”ৰ নাম লৈ যি ” সাংস্কৃতিক মিশ্ৰণ”ৰ ৰমৰমীয়া বজাৰ চলিছে তাৰ পৰা অসমীয়াৰ বিহু নামৰ লোক উৎসৱৰ সামগ্ৰিকতাও বাদ পৰা নাই। পুঁজিবাদী বিশ্বায়নে Cultural pluralism ধ্বংস কৰি এক ধৰনৰ সাংস্কৃতিক নৈৰাজ্যৰ পোহাৰ মেলা হয়টো সকলোৱে লক্ষ্য কৰিছে। কলা-সংস্কৃতিৰ মূল উদ্দেশ্য কেৱল বিনোদন প্ৰদান বুলিয়েই নতুনকৈ স্ংস্কৃতিক সংজ্ঞায়িত কৰাৰ ষড়যন্ত্ৰ জোৰদাৰ চলিছে। সাম্প্ৰতিক সময়ত বহুজাতিক নিগম আৰু সেইবোৰৰ আজ্ঞাবাহী চৰকাৰবোৰৰ পৃষ্ঠপোষকতাত সাম্ৰাজ্যবাদী পূঁজিয়ে সমাজ, সংস্কৃতি আৰু অৰ্থনীতি গ্ৰাস কৰিছে, স্ংস্কৃতিৰ বেশ ধৰি সাংস্কৃতিক মিলনৰ শ্লোগান দি সাংস্কৃতিক মিশ্ৰণেৰে সমাজ আৰু সংস্কৃতিৰ বহুত্ববাদী ধাৰনাক কবৰ দিয়াৰ যি পৰিকল্পনা চলিছে তাৰ অস্ত্ৰ হিচাপে অসমৰ জাতীয় উৎসৱ খ্যাত বিহুকো সাঙুৰি যে লৈছে তাত সন্দেহ নাই। ভোগবাদ আৰু উপভোক্তাবাদৰ আত্মতুষ্টিপূৰ্ণ আবহাওৱাৰ মাজত ডুবাই ৰাখি সাংস্কৃতিক অনুশীলনৰ নামত স্ংস্কৃতিৰ মূল মৰ্ম আৰু জীৱনবোধক তাৰপৰা আতৰাই ৰাখি শ্ৰেণীবিভক্ত সমাজত মুক্তিৰ পথৰ সন্ধান দিব পৰা ৰাজনৈতিক চেতনাৰ কণ-কঠিয়া মাৰি পেলোৱাৰ অবিৰাম অনুশীলন চলিছে। জনসাধাৰণৰ, বিশেষকৈ কৃষিজীৱি সমাজৰ জীৱন সংগ্ৰামৰ সৈতে জড়িত হৈ থকা স্ংস্কৃতিৰ ভূমিকাও ধূসৰ কৰি তোলা হৈছে।
আধুনিক অসমীয়া জাতীয়তাবাদৰ নিৰ্মীয়মান সময়ছোৱাত বিহুৰ প্ৰতি মধ্যবিত্ত তথা উচ্চ বৰ্ণৰ সমাজৰ ধ্যান -ধাৰনা তীব্ৰ বিদ্বেষপূৰ্ণ আছিল বুলি সকলোৱে জানে। কিন্তু পৰিবৰ্তিত সময়ত যেতিয়া জাতীয়তাবাদী ধ্যান -ধাৰনাই এক গ্ৰহনযোগ্য অৱস্থাৰ পিনে গতি কৰিব ধৰিলে তেতিয়া বুৰ্জোৱা জাতীয়তাবাদী জাতি গঠণৰ প্ৰক্ৰিয়াত উত্থানশীল মধ্যশ্ৰেণীটোৱে নিজৰ আধিপত্য বজাই ৰাখিবলৈ চেষ্টা চলালে। ফলত স্ংস্কৃতিৰ মাধ্যমেৰে ঐক্য স্থাপনৰ প্ৰয়োজনীয়তা উপলব্ধি কৰিলে আৰু একমাত্ৰ সৰ্বজনগ্ৰাহ্য বিহুকেই মুখ্য আইটেম হিচাবে লৈ জাতীয় উৎসৱৰ মালা পিন্ধাই দিলে।
” ইতৰ শ্ৰেণীৰ অশ্লীল নাচ-গান” খ্যাত বিহু “জাতীয় উৎসৱ”ৰ মৰ্যাদা প্ৰাপ্ত হোৱা সময়লৈকে পৰিবৰ্তিত পৰিবৰ্তনৰ অন্তৰালত আধুনিক অসমীয়া জাতীয়তাবাদৰ বিকাশৰ সাংস্কৃতিক ধাৰাৰ অৱস্থিতিৰ কথা লক্ষ্য কৰিব পাৰি। বিহ যিহেতু কৃষিজীৱি সমাজৰ জীৱনবোধৰ দলিল আৰু মৰ্মাৰ্থ সেয়ে ইয়াৰ প্ৰতি কৃষিজীৱি ৰাইজৰ সঁহাৰি আছিল স্বত: স্ফূৰ্ত। কিন্তু বিংশ শতাব্দীৰ মাজভাগৰ পৰা মধ্য শ্ৰেণীৰ পৃষ্ঠপোষকতাত বিহু মঞ্চলৈ আহিল তাৰ নগৰীকৰন আৰম্ভ হ’ল। বিহুৱে আনুষ্ঠানিকতা লভি আনুষ্ঠানিকীকৰনৰ প্ৰক্ৰিয়াৰে জাতীয়তাবাদী অসমীয়াৰ হাতত পৰি আজিৰ বজাৰবাদী সাংস্কৃতিক পৰিমণ্ডলৰ ভিতৰত এন্ট্ৰি মাৰিলে। বজাৰবাদী অৰ্থনীতিত সংস্কৃতিৰ পন্যায়ন চিৰাচৰিত নীতি।বজাৰ অৰ্থনীতিৰ পন্যায়নী কাৰবাৰৰ ফলস্বৰূপে আজি বিহু কোনো কৃষিজীৱি সমাজৰ জীৱনবোধৰ দলিল যেন হৈ থকাৰ বিপৰীতে আধুনিক নগৰীয়া আৰু নগৰৰ প্ৰভাৱপুষ্ট গাঁৱলীয়া মধ্যবিত্ত সমাজৰ এলিটীয় সাংস্কৃতিক ভেম আৰু ভণ্ডামিৰ স্মাৰক পত্ৰ যেনহে লগা হ’ব ধৰিছ । এইবোৰ হৈছে বিশ্বায়নী অৰ্থনীতিয়ে গাঁৱলীয়া সমাজ জীৱন ধ্বংস কৰা আৰু ভোগবাদ বিভ্ৰান্ত কৰা মানসিক প্ৰেক্ষাপটত পূজিবাদৰ এৰেহা বুটলি পেটুৱা হোৱা মধ্যবিত্তীয় ৰাজনৈতিক ঠিকাদাৰিত্বত। যদিও কৃষিজীৱি ৰাইজৰ বুকুৰ চেনেহত পালিত হৈ আহিছিল বিহু কিন্তু বিহু সম্পৰ্কীয় কাৰবাৰবোৰত আজি আৰু মুখ্য ৰূপ নাপায় তেওলোকৰ জীৱন সংগ্ৰামৰ কথাই, শোষক আৰু প্ৰতাৰকৰ বিৰুদ্ধে ফুটি উঠা প্ৰতিবাদৰ প্ৰসংগত আৰু বিহুৰ মূল ধৰ্ম নিৰপেক্ষ চৰিত্ৰৰ মৰ্মগত অৱলোকনে। মধ্যবিত্তীয় প্ৰতাৰণা আৰু বিদ্বেষৰ ৰাজনীতিয়েই তাৰ কাৰণ।
প্ৰখ্যাত মাৰ্ক্সবাদী ইতিহাসবিদ, স্ংস্কৃতিবিদ এৰিক হ’বচ্‌ৱমেইউৰোপীয় প্ৰেক্ষাপটত আৰু এচিয়া,আফ্ৰিকাৰ প্ৰেক্ষাপটত ১৯ আৰু ২০ শতিকাৰ স্বাস্থ্য সন্মত ( তেওঁ আভিজাত বুলি উল্লেখ কৰিছে) স্ংস্কৃতিৰ অৱক্ষয় আৰু পৰিবৰ্তনৰ আৰ্থ-সামাজিক,ৰাজনৈতিক কাৰন অনুসন্ধান কৰিছে। প্ৰথম মহাসমৰৰ পিছত ইউৰোপত বুৰ্জোৱা শ্ৰেণীৰ অৱক্ষয় আৰম্ভ হোৱাৰ লগে লগে পূৰ্বৰ প্ৰাণৱন্ত বুৰ্জোৱা স্ংস্কৃতিৰো অধপতন হয় বুলি হবচ্‌ৱমে উল্লেখ কৰিছে। এই কথাই মাৰ্ক্স-এংগেলছৰ কমিউনিষ্ট মেনিফেষ্টোত উল্লেখিত “বুৰ্জোৱা শ্ৰেণীয়ে এটা সময়ত নিজৰ কবৰ নিজেই খান্দে” ৰ প্ৰতিফলন ঘটাই। বুৰ্জোৱা সমাজত অৰ্থনীতিৰ উপকৰণৰ লগতে ইয়াৰ অনুষ্ঠান -প্ৰতিষ্ঠান আৰু সমস্ত মূল্যবোধ সমাজৰ মুষ্টিমেয় এচামৰ বাবে নিৰ্মিত হয় আৰু ব্যাপক জনগন তাৰ পিছে পিছে এক ধূসৰ আনুৰাগৰ নিচাত দৌৰি ফুৰে। বুৰ্জোৱা সমাজ চাৰিত্ৰিক ভাবে কাহানিও Egalitarian নহয়। এইকথা ঠিক যে ইউৰোপীয় বুৰ্জোৱা সমাজৰ লগত অসমৰ জাতীয় সমাজৰ বহু পাৰ্থক্য আছে তথাপিও ইউৰোপীয় সমাজৰ প্ৰেক্ষাপটত হবচ্‌ৱমে আগবঢ়োৱা বিশ্লেষণ আৰু অনুসন্ধান অসমৰ বিহুৰ পৰিবৰ্তনশীল প্ৰক্ৰিয়াটোৰ লগত ৰিজাব পাৰি । পুঁজিবাদৰ এৰেহা বোটলা অসমীয়া মধ্যবিত্ত শ্ৰেণীটোৱে বুৰ্জোৱা শ্ৰেণীত উঠিবও নোৱাৰিলে লগতে এটা জাতীয় অৰ্থনীতি গঢ় দিয়াৰ ক্ষেত্ৰত কাৰ্যকৰী পন্থাও ল’ব নোৱাৰিলে অথচ পূঁজিবাদী কৰ্পৰেটৰ বিশ্বস্ত সহায়কাৰীহে হৈ থাকিল। যাৰ ফলত তেওঁলোকৰ এচামে সমাজ নিৰ্মাণৰ হকে কাম কৰিলেও বিপ্লৱী সাংস্কৃতিক বিকল্প তুলি ধৰিব নোৱাৰিলে। গতিকে সংস্কৃতি এতিয়া সমাজ নিৰ্মাণ, জীৱন নিৰ্মাণৰ লগত জড়িত সাধনা বা কৰ্ষণ হোৱাৰ বিপৰীতে উপভোগ আৰু আৱৰণৰ বাবেহে প্ৰস্তুত।
” যি নাই বিহুগীতত, সি নাই অসমত। যি নাই অসমত সি নাই বিহুগীতত। অসম আৰু অসমীয়াৰ নিৰ্ভুল দাপোন এই বিহু” বুলি হেমাংগ বিশ্বাসে কৈ যোৱা বিহুটি সম্পৰ্কে তেৱেঁই পুনৰ কৈছে, ” ধৰ্মপ্ৰভাৱমুক্ত ইহজাগতিকতা আৰু শ্ৰমশীল জীৱনৰ প্ৰতি অসীম মমতা -এয়াই হ’ল বিহুৰ দৰ্শন। আদিম প্ৰাক্ আৰ্য উৎসৱবোৰ,কৃষি সমাজৰ ঋতু উৎসৱবোৰ হিন্দু ধৰ্মৰ উৎসৱত পৰিণত হৈছে। শাৰদীয় উৎসৱ,দ্বীপান্বিতা, ফাকুৱা -এই সকলোবোৰ ৰূপান্তৰিত হৈছে হিন্দু সকলৰ উৎসৱৰ লগত, জাতীয় উৎসৱৰ মৰ্যাদা ইবোৰে হেৰুৱাইছে। কিন্তু বহু জাতি-উপজাতি আৰু ধৰ্মাৱলম্বী অধ্যুষিত অসম উপত্যকাত বিহুৰ জাতীয় মৰ্যাদাই দিনে দিনে ব্যাপকতা লাভ কৰিছে।  বৰ্ণহিন্দু সমাজৰ বিধি-নিষেধ আৰু বৈষম্যৰ বিৰুদ্ধে প্ৰতিবাদেই হ’ল বিহুৰ প্ৰধান উপজীৱ্য।  অসমৰ ৰজা মহাৰজা সকলৰ সুদীৰ্ঘ ইতিহাস লিপিবদ্ধ হৈছে বুৰঞ্জী সাহিত্যত। আনহাতে অসমৰ গঞা জীৱনৰ,কৃষি সমাজৰ অবিচ্ছিন্ন অলিখিত ইতিহাস সিঁচৰতি হৈ আছে এই বিহু সাহিত্যত। অথচ সৌ সিদিনালৈকে চহৰ আৰু গাঁৱৰ অভিজাত সকলৰ বাবে বিহু আছিল ‘নিষিদ্ধ নিম্ন শ্ৰেণীৰ অশ্লীল নাচ-গান’। ” কিন্তু দুখৰ কথা ” নিম্ন শ্ৰেণীৰ অশ্লীল গান-নাচ ” য়েই এটা জাতিৰ পৰিচয়ৰ পৰ্বান্তৰৰ পিচত সাম্প্ৰতিক পুঁজিবাদী বিশ্বায়নী ধুমুহাৰ মাজত তাৰ অস্তিত্ব বিপন্ন হোৱাটো লক্ষ্য কৰিবলৈ আৰু তাক বিশ্লেষণ কৰি মুক্তিৰ বাবে সঠিক পথৰ সন্ধান দিবলৈ “জাতীয় উৎসৱ বিহু ” সম্পৰ্কে আশাবাদী হেমাংগ বিশ্বাসৰ দৰে আজীৱন সাম্যবাদী, সংস্কৃতিৰ গৱেষক, সংগ্ৰামী সাংস্কৃতিক কৰ্মী সকল জীয়াই নাথাকিল। এচাম জন-জীৱনৰ প্ৰতি সমৰ্পিত শিল্পী,সংগঠক, কৰ্মী বা বুদ্ধিজীবীৰ অহৰহ প্ৰচেষ্টাই হয়তো বিহুৰ সাৰ্বজনীনতা, ধৰ্মনিৰপেক্ষ চৰিত্ৰ আৰু সুস্থ পৰম্পৰা সম্পৰ্কে শিক্ষিত উঠি অহা প্ৰজন্মক সচেতন কৰি ৰখাত কিছু ভূমিকা ল’ব। কিন্তু বিহুৰ মূল শাহটো আৰু মূলশিপা ৰক্ষা হ’ব সামন্তবাদ-পূঁজিবাদ মিশ্ৰিত আগ্ৰাসনৰ বিৰূদ্ধে আৰু মানুহৰ বহুত্ববাদী সমাজক টচ্‌নচ্ কৰিব খোজা ধৰ্মীয় বিদ্বেষ, জাতি বিদ্বেষৰ মিশ্ৰিত আক্ৰমণ তথা Designed অভিযানৰ বিৰুদ্ধে খাটি খোৱা আৰু সৰ্বস্তৰৰ জনতাৰ স্বাধিকাৰ প্ৰতিষ্ঠাৰ আপোচহীন গণ-সংগ্ৰামৰ মাজেৰেহে।
শেষত বিহু সম্পৰ্কে আমাৰ এক অনুভৱ আগবঢ়ালোঁ,,,,,,,,

বিহু মোৰ বাবে নহয় আকালৰ দিনটো সাঁচি থোৱা ধনেৰে বনিয়াৰ দোকানৰ পেন্ট-চাৰ্ট, লেহেংগা চুৰিদাৰ কিনাৰ বতৰ ,
বিহু মোৰ বাবে তাঁতশালত আইৰ হাতে গুটিফুলবচা গামোচাৰ আদৰ,
বিহু মোৰ বাবে নহয় চহৰ নগৰৰ অলিয়ে গলিয়ে বনিক- ৰাজনীতিকৰ বৰঙণি বিজ্ঞাপনে চক্ মকোৱা ফাংচনৰ উদ্দাম নৃত্যৰ কিৰিলি ,
বিহু মোৰ বাবে পথৰুৱা মানুহৰ তেজ-ঘামৰ গোন্ধে সিক্ত কৰা মাটিময় গানৰ স্বৰলিপি,
বিহু মোৰ বাবে নহয় ধন ঘটাৰ বাবে জাতীয় উৎসৱটোক উৎস বনাই দিয়া কলা কুশলীৰ মিউজিকেল অ’ৰকেস্ট্ৰা,
বিহু মোৰ বাবে প্ৰান প্ৰৱাহৰ ঢৌৱে ঢৌৱে বনৰীয়া জুৰিৰ দৰে বৈ থকা জীৱন-সঁচা গানৰ সুৰৰ উচ্ছলতা,
বিহু মোৰ বাবে নহয় আধুনিকা মধ্যবিত্ত জীয়ৰী বোৱাৰীৰ ফেষ্টিভ মেকআপ অথবা মঞ্চ হিলাই দিয়া বিহু ডান্স বিহু চঙৰ খলকনি ,
বিহু মোৰ বাবে নৈপৰীয়া পথাৰত নাচি নাচি ভাগৰি নপৰা গাভৰুৰ কঁকালেৰে বৈ অহা ঘামৰ মুকুটামণি,
বিহু মানে উজাই নিয়া উশাহত ঢৌ খেলা গাভৰু বুকুৰ সাঁচতীয়া সপোনটি,
আকাল আৰু জীৱিকাৰ তাড়না পাহৰি ঢোলত চাপৰ দিয়া ডেকাৰ ৰংমিহলি- খংমিহলি অনুৰাগ খিনি,
বিহু মানে আমাৰ আৱেগ উপত্যকাত হিলদ’ল ভাঙি নামি অহা ধুমুহাগানৰ শিলাবৃষ্টি ,
বিহু মানে আমাৰ জীৱন যৌৱনৰ বাটে বাটে ফুল হৈ ফুলি ৰোৱা মালতী কেতেকী ফুলৰ সাতসৰী,
বিহু মানে চেনেহীৰ চকুত নাহৰৰ কলি বিচৰা অন্বেষণৰ দুপৰ ৰাতি ,
বিহু মানে বতাহত উশাহেৰে ঢালি দিয়া প্ৰাণ-প্ৰাচৃৰ্যৰ আপঙ এবাতি,
বিহু মানে কলিজাৰ কোঁহে কোঁহে বাজি থকা জুইসুৰীয়া গানৰ ভৈৰৱ,
বিহু মানে সূৰ্যৰ বুকুৱেদি নামি অহা সূৰ্য সন্তানৰ কলৰৱ,
বিহু মানে এগৰাকী জননীৰ বুকু ঢকা আঁচল, বিহু মানে এগৰাকী পিতৃৰ সযতনে সজা নিৰাপদ আখল,
বিহু আমাৰ বুনিয়াদী পৰিচয়ৰ মৌলিক প্ৰকাশ , বিহু আমাৰ অতীত ভৱিষ্যত জুৰি বিস্তৃত এখনি আকাশ,
বিহু বুকুৰ বহু গভীৰত গুমৰি থকা
এক আদিম আস্বাদ ।

সহায় লোৱা উৎস:
১) হেমাংগ বিশ্বাসৰ, “অসম আৰু বংগৰ লোকগীত সমীক্ষা”
২)পৰমানন্দ মজুমদাৰ সম্পাদিত, “তীখাৰ আখৰে লিখা”, হেমাংগ বিশ্বাস জন্ম শতবৰ্ষ স্মাৰক গ্ৰন্থ
৩) এৰিক হ’বচ্‌ৱমৰ কিছু লেখা।
৪) মুনীন বায়নৰ, “জীৱনৰ স্বপ্ন দুৰ্নিবাৰ”

 

 

About the Author ::

ওৱাহিদুৰ ৰহমান,
চিন্তাশীল প্রবন্ধকাৰ,
নলবাৰী,অসম

Share This :