আহিনমহীয়া ৩৮ ডিগ্ৰী চেলচিয়াছ উচ্ছতাৰ তীব্ৰ গৰমত দহি আমি নাতিশীতোষ্ণ ৰাজ্যৰ বাসিন্দাসকলে গ্লাচগ’ত অনুষ্ঠিত হোৱা পৃথিৱীৰ সৰ্ববৃহৎ জলবায়ু সন্মিলন COত্ন চ্ছ-ত সমৱেত হোৱা বিশ্বৰ বিভিন্ন দেশৰ শীৰ্ষস্থানীয় নেতাসকলৰ মুখলৈ আগ্ৰহেৰে বাট চাই আছোঁ–কিবা আশাৰ বতৰা যেন আহিব৷ জলবায়ু পৰিৱৰ্তনৰ লক্ষণসমূহ লাহে লাহে আমাৰ সন্মুখত স্পষ্ট হৈ ফুটি উঠিছে৷ পৃথিৱীৰ বিভিন্ন দেশত আনকি ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যতো আমি অভূতপূৰ্ব সংহাৰকাৰী বান, খৰাঙৰ প্ৰকোপ, বৰফ গলা, গ্ৰেচিয়াৰৰ সংকোচন, সাগৰ পৃষ্ঠৰ জলভাগৰ উচ্ছতা বৃদ্ধি হৈ অহা, জীৱ-জন্তুৰ বিভিন্ন প্ৰজাতিৰ নিশ্চিহ্ন কৰণ, অস্বাভাৱিকভাৱে উত্তাপ বৃদ্ধি হৈ অহা ইত্যাদি প্ৰত্যক্ষ কৰিছোহঁক৷ গোলকীয় উষ্ণতা বৃদ্ধি আৰু জলবায়ু পৰিৱৰ্তন ৰোধ কৰিবলৈ বিশ্বৰ বিভিন্ন দেশৰ শীৰ্ষস্থানীয় নেতাসকল সমৱেত হোৱা ১৯৯২ চনৰ ধৰিত্ৰী সন্মিলনৰ পৰা কিয়’ট’ প্ৰ’ট’কল– পেৰিছ সহমত [Paris Agreement] মিKCল প্ৰ’ট’কল হৈ ২০২১ চনৰ গ্ৰাচগ’লৈ সুদীৰ্ঘ এই তিনিটা দশকত আমি কিন্তু লক্ষ্য প্ৰাপ্তিৰ দিশে বিশেষ আগবাঢ়িব পৰা নাই৷ ন’বেল বঁটা বিজয়ী ছুইডেনৰ বিজ্ঞানী শ্বান্ত আহেৰ্নিয়াচে [Svante Arrhenius] ১৮৯৬ চনতে মানৱ জাতিক সতৰ্ক কৰি দিছিল যে অত্যাধিক জীৱাশ্ম ইন্ধনৰ দহনে সেউজ গৃহ গেছৰ পৰিমাণ বৃদ্ধি কৰি পৃথিৱীলৈ ভয়াবহ ভৱিষ্যতক আমন্ত্ৰণ কৰি আনিব৷ কিন্তু, মানৱ জাতিয়ে বিভিন্ন মাদক দ্ৰব্যৰ পেকেটত লিখা থকা বিধিসন্মত সতৰ্কীকৰণ আওকাণ কৰি তাক ভোগ কৰাৰ লেখীয়াকৈ আহেৰ্নিয়াচৰ নিচিনা বিজ্ঞানীসকলৰ সতৰ্কীকৰণ আওকাণ কৰি আজিও সেউজ গৃহ গেছৰ বৃদ্ধিত অৰিহণা যোগাই আহিছে আৰু ফলস্বৰূপে গোলকীয় উষ্ণতা৷ আই পি চি চি [IPCC]ৰ প্ৰথমখন প্ৰতিৱেদন প্ৰকাশ হৈ ওলোৱাৰ সময়ত ইতিমধ্যেই ঙ্ম.চ্ছ্ৰ ডিগ্ৰী চেলচিয়াছ বৃদ্ধি পোৱা পৃথিৱীৰ উপৰিভাগৰ উষ্ণতা পেৰিছ সহমত [Paris Agreement]ৰ সময়ত ঙ্ম.জ্জ্ব আৰু বৰ্তমান COত্ন চ্ছ-ৰ সময়ত ই প্ৰায় ৰ ডিগ্ৰী চেলচিয়াছ পৰ্যন্ত বৃদ্ধি হৈছেগৈ৷ এইটো হাৰত বাধাহীনভাৱে গোলকীয় উষ্ণতা বৃদ্ধি হৈ গৈ থাকিলে বৰ্তমান শতিকাৰ শেহৰ বছৰ কেইটাত পৃথিৱীৰ উপৰিভাগৰ উষ্ণতা ২.জ্জ ডিগ্ৰী চেলচিয়াছ বৃদ্ধি পাব বুলি অনুমান কৰা হৈছে৷ ইয়াৰ পৰিণতি হ’বগৈ অতি ভয়াৱহ যাক আমি আজিয়েই কল্পনা কৰিব নোৱাৰিম৷ পৰিৱেশ বিজ্ঞানীসকলে ইয়াক climate catastrophe বুলি অভিহিত কৰিছে৷
তথাপিও আমি ‘পি পু সি শু’ ধৰণে এতিয়াও গা এৰা মনোভাৱ প্ৰদৰ্শন কৰি আহিছোঁ৷ ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি পৰিষদৰ [FAO] প্ৰতিবেদনত এই কথা প্ৰকাশ হৈছে যে ২০১০ চনৰ পৰা ২০২০ চনৰ ভিতৰত সমগ্ৰ পৃথিৱীত চ্ছ্ৰ-জ্জ নিযুত হেক্টৰ বনাঞ্চল ধবংস হৈছে আৰু ইয়াৰ সিংহভাগেই হৈছে বনাঞ্চলৰ চহকী উন্নয়নশীল দেশসমূহত৷ এই প্ৰতিৱেদনতেই এই কথাও প্ৰকাশ পাইছে যে আমি মানৱ জাতিয়ে প্ৰতি মিনিটত ২৭ খন ফুটবল খেলা পথাৰৰ সমান পৰিমাণৰ বনভূমি নিৰন্তৰ ধবংস কৰি আহিছোঁ৷ পৃথিৱীৰ বিভিন্ন দেশত বনভূমি ধবংস কৰি উৎপাদন কৰা বিভিন্ন খাদ্যসামগ্ৰীসমূহ আকৌ আইৰণিকেলি বিশ্ব খাদ্য সংকটৰ এই সময়ত পশুখাদ্য আৰু জৈৱিক ইন্ধন হিচাপে ব্যৱহাৰ কৰা হৈ আহিছে৷ উদাহৰণস্বৰূপে ব্ৰাজিলত বৃহৎ হাৰত বনাঞ্চল মুকলি কৰি উৎপাদন কৰা বৃহৎ পৰিমাণৰ চয়াবিন চীন আৰু ইউৰোপীয় দেশসমূহলৈ পশুখাদ্য
হিচাপে ১৫ানী কৰা হয়৷ চিন্তনীয়ভাৱে এই বৃহৎ বনাঞ্চল ধবংসৰ ফলত প্ৰত্যক্ষভাৱে বনাঞ্চলৰ দাঁতি-কাষৰীয়া থলুৱা জনজাতীয় লোকসকল বিভিন্ন ধৰণে ক্ষতিগ্ৰস্ত হৈছে৷ গুৰুত্বপূৰ্ণ কথা হৈছে এই যে বনাঞ্চলৰ দাঁতি-কাষৰীয়া এই জনজাতীয় লোকসকলে পৃথিৱীৰ প্ৰায় ৮০ শতাংশ জৈৱ-বৈচিত্ৰ সংৰক্ষণ কৰি ৰাখে৷
এনেকুৱা এক ভয়াবহ ভৱিষ্যতৰ দিশে আগবাঢ়ি যোৱা মানৱ জাতিৰ সচেতন অংশটোৱে সেইবাবে ‘গ্লাচগ’ত’ সমৱেত হোৱা বিশ্বৰ শীৰ্ষ স্থানীয় নেতাসকলৰ মুখলৈ বাট চাই আছে বহু আশাৰে৷ সন্মিলনখনৰ প্ৰথম দুটা দিনতে অৱশ্যে বিশ্বৰ ১৩১ খন দেশে সংঘবদ্ধভাৱে নিৰ্বনানীকৰণৰ বিৰুদ্ধে যুঁজ আগবঢ়াই ২০৩০ চনৰ ভিতৰত ইয়াক ৰোধ কৰিব বুলি কৰা ঘোষণাই কিছু আশাৰ সঞ্চাৰ কৰিছে৷ পৃথিৱীৰ মুঠ বনাঞ্চলৰ ৮৫ শতাংশ উপলব্ধ হোৱা এই এই দেশসমূহৰ ভিতৰত কানাডা, ব্ৰাজিল, ৰাছিয়া, চীন, ইণ্ডোনেছিয়া, কংগো, আমেৰিকা, ইংলেণ্ড প্ৰভৃতি দেশ অন্তভুৰ্ক্ত হৈ আছে যদিও ভাৰতবৰ্ষই ইয়াত স্বাক্ষৰ কৰাৰ পৰা বিৰত আছে৷ তদুপৰি বিশ্বৰ ২৮ খন দেশে খাদ্য আৰু অন্যান্য কৃষিজাত সামগ্ৰী যেনে–পাম অইল, কোকোৱা, চয়া ইত্যাদিৰ পৰা হ’ব নিৰ্বনানীকৰণ সম্পূৰ্ণভাৱে ৰোধ কৰাৰ পণ লৈছে৷ [অৱশ্যে, শ্যেম্পুৰ পৰা বিস্কুটলৈ বিভিন্ন সামগ্ৰীত ব্যৱহাৰ হোৱা পাম অইলৰ সৰ্ববৃহৎ উৎপাদনকাৰী দেশ ইণ্ডোনেছিয়াই কি ধৰণে এই লক্ষ্যত উপনীত হ’ব সেয়া সময়েহে ক’ব]৷ নিৰ্বনানীকৰণ ৰোধৰ এই লক্ষ্যত উপনীত হ’বলৈ ১৯.২ বিলিয়ন ডলাৰৰ এটা ফাণ্ড তৈয়াৰ কৰাৰ উপৰিও আফ্ৰিকাৰ কংগো বেচিনৰ দ্বিতীয় সৰ্ববৃহৎ বৰ্ষাৰণ্য সংৰক্ষণৰ বাবেও ৰ.৩ বিলিয়ন ডলাৰ মূল্যৰ আন এটা ফাণ্ড তৈয়াৰ কৰাৰ কথাও সন্মিলনত ঘোষণা কৰা হয়৷ ইয়াৰোপৰি পৃথিৱীৰ ৩০টা বৃহৎ আন্তঃৰাষ্ট্ৰীয় বিত্তীয় প্ৰতিষ্ঠানে নিৰ্বনানীকৰণৰ লগত সম্পৰ্কিত কোনো কাৰ্যৰ বাবে ঋণ আগনবঢ়োৱাৰ সিদ্ধান্তৰ কথা সদৰি কৰে৷ শ্ৰুতি মধুৰ এই ঘোষণাসমূহ বাস্তৱত কাৰ্যকৰী হ’লে নি(য়কৈ গোলকীয় উষ্ণতা বৃদ্ধিত ই বাধাৰ সৃষ্টি কৰি ভৱিষ্যতৰ অনি(য়তা দূৰ কৰিব৷ পৰিৱেশ প্ৰেমী ব্যক্তি আৰু সংগঠনৰ লগতে বিজ্ঞানীসকলেও এই ঘোষণাক আদৰণি জনাইও ক’ৰবাত সন্দিহান হৈ আছে৷ অধ্যাপক চামিন লিৱিচে কৈছে, ‘‘It is good news to have a political commitment to end deforestation from so many countries and significant funding to move forward on that journey. However, the world had been here before with a declaration in ২০১৪ in New York ‘which failed to slow deforestation at all’’৷
সন্মিলনত ভাৰতৰ সন্মানীয় প্ৰধান মন্ত্ৰীয়ে ঘোষণা কৰিছে যে ২০৩০ চনৰ ভিতৰত দেশৰ মুঠ প্ৰয়োজনীয় শক্তিৰ ৫০ শতাংশ নবীকৰণযোগ্য সম্পদৰ পৰা আহৰণ কৰিব আৰু অনা জীৱাস্ম উৎসৰ পৰা উৎপাদিত শক্তিৰ পৰিমাণ ৫০০ গিগা ৱাটলৈ বৃদ্ধি কৰিব৷ তদুপৰি এই সময়সীমাৰ ভিতৰতে দেশত কাৰ্বন নিৰ্গমনৰ পৰিমাণ এক বিলিয়ন টন পৰ্যন্ত হ্ৰাস কৰা হ’ব৷ সৰ্বোপৰি, ২০৭০ চনৰ ভিতৰত শূণ্য কাৰ্বন নিৰ্গমনৰ লক্ষ্য নিৰ্ধাৰণ কৰাৰ কথা ঘোষণা কৰিছে সন্মানীয় প্ৰধান মন্ত্ৰীগৰাকীয়ে৷ শূণ্য নিৰ্গমন মানে হৈছে কাৰ্বন নিৰ্গমন আৰু কাৰ্বন অপসাৰণৰ মাজত এক ভাৰসামতা ৰক্ষা কৰা৷ চীন, আমেৰিকা আৰু ৰাছিয়াৰ পিছত ভাৰতবৰ্ষ হৈছে পৃথিৱীৰ চতুৰ্থ বৃহৎ কাৰ্বন নিৰ্গমন কৰা দেশ৷ আমেৰিকাই ২০৫০ চনত শূণ্য নিৰ্গমনৰ লক্ষ্য বান্ধি লোৱাৰ বিপৰীতে চীন আৰু ৰাছিয়াই ২০৬০ চনত শূণ্য নিৰ্গমনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে৷
ভাৰতবৰ্ষই জলবায়ু পৰিৱৰ্তন ৰোধৰ বাবে নিৰ্ধাৰণ কৰি লোৱা এই লক্ষ্যসমূহ অসম্ভৱ নহয় যদিও অত্যন্ত অত্যুৎসাহী হিচাপে পৰিগণিত হৈছে৷ এই লক্ষ্য পূৰণৰ বাবে যথেষ্ট কৌশলী পৰিকল্পনাৰ প্ৰয়োজন হ’ব৷ ইয়াৰ বাবে প্ৰয়োজনীয় কাৰিকৰী জ্ঞান উন্নয়নশীল দেশসমূহৰ হাতত নাই৷ এই জ্ঞানৰ বিকাশ আৰু ইয়াক আহৰণৰ বাবে উন্নত দেশসমূহে পৰ্যাপ্ত পৰিমাণে মূলধন বিনিয়োগ কৰিব লাগিব আৰু পৰৱৰ্তী সময়ত এই জ্ঞান উন্নয়নশীল দেশসমূহলৈ হস্তান্তৰ কৰিব লাগিব৷ এই দুয়োফালৰ পৰাই উন্নয়নশীল দেশসমূহ উন্নত দেশসমূহৰ ওপৰত নিৰ্ভৰশীল হৈ থাকিব লাগিব৷ গতিকে উন্নত দেশসমূহৰ সহায় অবিহনে এই লক্ষ্য প্ৰাপ্তি সম্ভৱ নহ’বগৈ যেন বোধ হয়৷
এইখিনিতে উল্লেখ কৰিব পাৰি যে ক্ৰমবৰ্ধমান হাৰৰ জনসংখ্যাৰ বৰ্ধিত চাহিদা পূৰণাৰ্থে কল্যাণকামী চৰকাৰে উন্নয়নৰ গতি ত্বৰান্বিত কৰাৰ গত্যন্তৰ নাই৷ কিন্তু, আমাৰ দেশ ভাৰতবৰ্ষই অৰ্থনৈতিক বিকাশৰ গতি ত্বৰান্বিত কৰাৰ স্বাৰ্থত যিটো হাৰত বনাঞ্চল তথা অন্যান্য প্ৰাকৃতিক সম্পদ ধবংস কৰিব ধৰিছে ইয়ে কাৰ্বন নিৰ্গমন হ্ৰাসৰ লক্ষ্যত যে বাধা প্ৰদান কৰিব সেয়া ধুৰূপ৷ সম্পদৰ ব্যক্তিগতকৰণে আয় আৰু সম্পদৰ বিতৰণত অসমতা বৃদ্ধিৰে সমস্যা গভীৰতৰ কৰি তুলিব৷ কাৰ্বন নিৰ্গমনৰ হ্ৰাসৰ প্ৰক্ৰিয়াত জীৱাশ্মৰ ইন্ধনৰ ব্যৱহাৰ পৰিত্যাগ কৰি ক্লীন এনাৰ্জিৰ বাবে যদি জলবিদ্যুৎ উৎপাদন বৃদ্ধিৰ লক্ষ্য স্থিৰ কৰি লোৱা হয়, তেতিয়া ভাৰতবৰ্ষৰ উত্তৰ-পূৰ্বাঞ্চলত কেন্দ্ৰীয় চৰকাৰে দৃষ্টি নিৱদ্ধ কৰিব৷ ইতিমধ্যে EIA ব্যৱস্থাটো শিথিল কৰাৰ প্ৰচেষ্টা হাতত লোৱা আমি দেখিবলৈ পাইছোঁৱেই৷ ফ’ৰলেন হাইৱে সজাৰ নামত অজস্ৰ গছ জধে-মধে কাটি তহিলং কৰা চৰকাৰখনে ইতিমধ্যেই আদানী, পতঞ্জলি ইত্যাদিৰ দৰে বৃহৎ পূঁজিপতি গোষ্ঠীক অসমৰ বিভিন্ন সম্পদ গতাই দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছেই৷ শেহতীয়াভাৱে পাম অইলৰ খেতিৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ দৰে মেগা বায়’ডাইভাৰ্চ অঞ্চলক বাচি লোৱাটোৱেই এই অঞ্চলৰ ৰাজ্যসমূহত প্ৰাকৃতিক ভাৰসাম্যতা ৰক্ষাৰ ক্ষেত্ৰত এক প্ৰত্যাহ৩ান সৃষ্টি কৰিছে৷ পৰিস্থিতি তন্ত্ৰৰ ভাৰসামতা ৰক্ষা নহ’লে ইতিমধ্যেই তীব্ৰ ৰূপ ধাৰণ কৰা বন্য জীৱ আৰু মানুহৰ সংঘাট অদূৰ ভৱিষ্যতে তীব্ৰতৰ হৈ পৰিব৷ কাৰ্বন নিৰ্গমনৰ শূণ্য লক্ষ্যত উপনীত হোৱাৰ প্ৰক্ৰিয়াত চৰকাৰে এই গুৰুত্বপূৰ্ণ বিষয়সমূহ কিদৰে মোকাবিলা কৰে সেয়া লক্ষণীয় হ’ব৷ উন্নয়নৰ প্ৰক্ৰিয়াত সততে ক্ষতিগ্ৰস্ত হোৱা পৰম্পৰাগত জ্ঞানেৰে সমৃদ্ধ আৰু যুগ যুগ ধৰি প্ৰকৃতিৰ স’তে সহাৱস্থান কৰি অহা আমাৰ থলুৱা জনজাতি আৰু জনগোষ্ঠীসমূহৰ স্বাৰ্থ কিদৰে বিঘ্নিত নোহোৱাকৈ ৰখা হ’ব সেয়াও হ’ব এক বৃহৎ প্ৰত্যাহ৩ান৷ অৱশ্যে শূন্য কাৰ্বন নিৰ্গমন প্ৰত্যক্ষ কৰিবলৈ আমি ২০৭০ চনলৈকে নি(য়কৈ জীয়াই নাথাকিম ৷
About the Author ::
কুলেন চন্দ্ৰ দাস
সহযোগী অধ্যাপক, অৰ্থনীতি বিভাগ, নগাঁও কলেজ, নগাঁও, অসম